দেওবাৰে বিশ্বজুৰি চৰ্চিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ‘টুইট’

ডিজিটেল ডেস্কঃ ছিৰিয়াত আইএছআইএছৰ বিৰুদ্ধে আমেৰিকান সেনাৰ অভিযানৰ পিছতে শনিবাৰে হত্যা কৰা হৈছিল বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক। এই হত্যাৰ পিছতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সকলো সংবাদমাধ্যমতে এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। হোৱাইত হাউচৰ তৰফৰ পৰাও জনোৱা হৈছিল দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটা ডাঙৰ ঘোষণা কৰিব।

সকলো লোকে বৰ্তমান তাৰেই অপেক্ষাত। কিয়নো বিশ্ব সন্ত্ৰাসবাদী আবু বক্কৰ বাগদাদীক হত্যা কৰাৰ কথা এতিয়াও আনুষ্ঠানিকভাৱে জনোৱা হোৱা নাই আমেৰিকাৰ প্ৰশাসনৰ তৰফৰ পৰা। তেনে এক সময়তে দেওবাৰে পুৱা টুইটাৰত ডনাল্ড ট্ৰাম্পে কৰা এক ঘোষণা দেশজুৰি চৰ্চিত হৈছে। টুইটটোত তেওঁ লিখিছে ‘Something very big has just happened!’।

উল্লেখ্য যে, বৰ্তমানৰ লৈকে বাগদাদীৰ হত্যাৰ সম্পৰ্কত কোনো কথা ৰাজহুৱা কৰা নাই আমেৰিকাই। তাৰ পিছতে বহুলভাৱে চৰ্চিত হৈছে ৰাষ্ট্ৰপতিগৰাকীৰ এই টুইট। অনুমান কৰা হৈছে দেওবাৰৰ দিনৰ ভাগতে কোনো এক ডাঙৰ ঘোষণা কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।

The post দেওবাৰে বিশ্বজুৰি চৰ্চিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ‘টুইট’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JqGvOK
via IFTTT

Comments