শিৱসাগৰৰ গেমন দলঙত ভয়ংকৰ দুৰ্ঘটনা…

- শিৱসাগৰৰ গেমন দলঙত ভয়ংকৰ দুৰ্ঘটনা।
- দলঙৰ ৰেলিং ভাঙি নদীত এখন গাড়ী পৰাৰ আশংকা কৰিছে স্থানীয় লোকে।
- সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

- যান বাহন আৰক্ষীয়ে নিশ্চিত কৰিছে দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা।
- অৱশ্যে কোনো বাহন নদীত পৰাৰ কথা অস্বীকাৰ কৰিছে যান-বাহন আৰক্ষীয়ে।
- এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

- আৰক্ষী আৰু স্থানীয় ৰাইজৰ বিপৰীতমুখী বক্তব্যৰ বাবে সৃষ্টি হৈছে বিভ্রান্তিকৰ পৰিস্থিতিৰ।
- ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্থ এএছ০৪জে৫৫৩৫ নম্বৰৰ i20 বাহনখন উদ্ধাৰ কৰে।
- আৰক্ষীৰ মতে, i20 খনৰ সৈতে এখন বাছৰ সংঘৰ্ষ হৈছিল।

- ঘটনাত কোনো লোকে হাতাহত হোৱা নাই বুলিও সদৰী কৰে আৰক্ষীয়ে।
- বাহন নদীত পৰাৰ আশংকা কৰি আৰম্ভ কৰা SDRFৰ উদ্ধাৰ অভিযান সামৰিলে প্ৰশাসনে।
- ইফালে গাড়ী খনৰ গৰাকী ঋতেশ সিং বুলি জানিব পৰা গৈছে।

The post শিৱসাগৰৰ গেমন দলঙত ভয়ংকৰ দুৰ্ঘটনা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Nlvm2T
via IFTTT
Comments
Post a Comment