জুৱাৰ বিৰুদ্ধে অভিযান চলোৱা উদাৰবন্দ আৰক্ষীক আক্ৰমণ জুৱাৰীৰ…

ডিজিটেল সংবাদ, শিলচৰঃ দেওবাৰে সন্ধিয়া জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ জুৱাৰীৰ হাতত প্ৰহৃত হ’ল আৰক্ষী ৷ আৰক্ষীক দলবদ্ধ আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ বাহনখনত আক্ৰমণ চলাই ব্যাপক ক্ষতি সাধন কৰে৷ অৱশেষত জুৱাৰীৰ দলটোৰ দলবদ্ধ আক্ৰমণৰ পৰা প্ৰাণৰক্ষা কৰিবলৈ ঘটনাস্হলীৰ পৰা পলায়ন কৰে আৰক্ষীৰ দলটো ৷ এই ঘটনা সংঘটিত হৈছে দেওবাৰে সন্ধিয়া কাছাৰ জিলাৰ উদাৰবন্দ থানাৰ অন্তৰ্গত আৰকাটিপুৰত ৷

উদাৰবন্দৰ আৰক্ষীয়ে সদৰী কৰা মতে, নিয়মিত পহৰা দিয়াৰ উদ্দেশ্যে ছয় জনীয়া আৰক্ষীৰ দল এটা আৰকাটিপুৰৰ উদ্দেশ্যে ৰাওনা হয় ৷ আৰকাটিপুৰৰ ৰেল লাইনৰ সমীপত জুৱা খেল চলি থকা প্ৰত্যক্ষ কৰাত আৰক্ষীৰ দলটো জুৱাস্হলীত উপস্হিত হয় ৷ ইফালে, আৰক্ষীৰ দলটো দেখা মাত্ৰকে জুৱাৰী আৰু একাংশ গুণ্ডাই আৰক্ষীৰ দলটোক বেৰি ধৰি আক্ৰমণ চলায় ৷

আৰক্ষীৰ অসম পুলিচ লিখা বেজো পোছাকৰ পৰা ছিঙি নিয়ে জুৱাৰীৰ দলটোৱে ৷ আৰক্ষীক আক্ৰমণ কৰি ক্ষান্ত নহৈ জুৱাৰী সকলে আৰক্ষীৰ এএছ১১এম৬০৯৩ নম্বৰৰ মাৰুতি ভেন খনতো আক্ৰমণ চলায় ৷ বাহন খনৰ গ্লাছ কেইখন ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ এই ঘটনাৰ পিচত আৰক্ষীৰ দলটোৱে প্ৰাণৰ ভয়ত বাহন এৰি ঘটনাস্হলীৰ পৰা পলায়ন কৰে ৷

বৰ্তমান কিমান জন আৰক্ষী আহত হৈছে, সেই তথ্য এতিয়াও জানিব পৰা নাই ৷ আৰক্ষীৰ দলটো নিৰাপদে আছে নে ক’ত আছে তাৰো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই ৷অৱশ্যে, আৰক্ষীৰ বাহন খনৰ চালক জন গুৰুতৰ আহত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে ৷ ইফালে, এই ঘটনাৰ পিচতে জুৱা বন্ধ কৰি জুৱাৰী সকল ঘটনাস্হলীৰ পৰা পলায়ন কৰে ৷ বৰ্তমান অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷

The post জুৱাৰ বিৰুদ্ধে অভিযান চলোৱা উদাৰবন্দ আৰক্ষীক আক্ৰমণ জুৱাৰীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/349n6d3
via IFTTT

Comments