ৰহা সমষ্টিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ…

ডিজিটেল সংবাদ, কামপুৰঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে যিমানেই দুৰ্নীতি বিৰুদ্ধে কঁকালত টঙালী নাবান্ধক কিয়, একাংশ ঠিকাদাৰে এনেদৰেই লুটিবলৈ আৰম্ভ কৰিছে ৰাইজৰ ধন । পথ নিৰ্মাণৰ নামত কিয় বাৰে বাৰে দুৰ্নীতি সংঘটিত হৈছে এইখন ৰাজ্য অসমত? উক্ত পথটোৰ উচ্চ পর্যায়ৰ তদন্ত কৰাৰ লগতে পথটো পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ ৰহা সমষ্টিৰ লুটুমাৰী লংজাপ পথৰ পৰা ৰানী পুখুৰী নচি ভেলেজ (গাওঁ) লৈ মুঠ ৩.১১ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণ কাৰ্য্যত দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ প্ৰায় ৩. ১১ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ নিৰ্মাণ কাৰ্য্য দেখি এতিয়া সকলোৰে চকু কপালত উঠিছে । স্থানীয় ৰাইজে ঠিকাদাৰ বাহিনীক এই সন্দৰ্ভত কিবা সুধিবলৈ গলে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ । আনহাতে সাংবাদিকে মহৰী জনক প্ৰশ্ন কৰিব ধৰোতে মহৰী জনে উলোটাই সাংবাদিকৰ কেমেৰা বন্ধ কৰিবলৈ হে হুমকি দিয়ে ৷

গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ হোৱা পথটো আধাৰশীলা স্থাপন কৰিছিল ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে । ৰাইজৰ অভিযোগ পথটো নিৰ্মানত শিল, চিমেন্টৰ পৰিমাণ অতি কম হোৱাৰ লগতে অকল বালি দি ওপৰত চিমেন্ট ছটিয়াই গৈছে, এই ক্ষেত্ৰত ৰাইজে মাত মাতিলে ৰাইজক অশ্লীল গালি গালাজ আৰু মাৰিবলৈ চোচা লয় মহৰী তথা ঠিকাদাৰ বাহিনীয়ে ।


The post ৰহা সমষ্টিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Nd8fYi
via IFTTT

Comments