পাহৰি যাওঁক 4G, 5G- দেশত আহি আছে 6G সেৱা…

ডিজিটেল ডেস্কঃ পাহৰি যাওঁক 4G,5G কিয়নো অচিৰেই দেশত আহি আছে 6G সেৱা। ২০২৩ বৰ্ষৰ শেষত নতুবা ২০২৪ৰ আৰম্ভণিতে নিজা প্ৰযুক্তি ব্যৱহাৰৰে দেশত আৰম্ভ হ’ব 6G সেৱা। দিল্লীত মঙলবাৰে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

দিল্লীৰ এক অনুষ্ঠানত অংশগ্ৰহণ ভাৰতবৰ্ষৰ নিজা প্ৰযুক্তিৰ সহায়ত এই সেৱা মুকলি কৰা হ’ব বুলি তেওঁ সদৰি কৰে। এই প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ ইতিমধ্যে বিজ্ঞানী আৰু অভিযন্তাসকলক অনুমতি প্ৰদান কৰা হৈছে বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- দেশত প্ৰস্তুত হোৱা telecom software, দেশীয় telecom সঁজুলি আৰু দেশৰ networkৰে এই সেৱা আগবঢ়োৱা হ’ব। 



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3CWY9Ti
via IFTTT

Comments