কৃষক আন্দোলনৰ এটা বছৰঃ টিক্ৰি ব’ৰ্ডাৰত মহাপঞ্চায়ত, বিপদত কেন্দ্ৰৰ বিজেপি চৰকাৰ…

ডিজিটেল ডেস্কঃ এটা বছৰ সম্পূৰ্ণ হ’ল কৃষক আন্দোলনৰ। বিতৰ্কিত ৩ কৃষি আইনৰ বিৰোধিতাৰে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলে এই আন্দোলনৰ নেতৃত্বত থকা কৃষক সংগঠনৰ উদ্যোগত দিল্লীৰ টিক্ৰী সীমান্তত এক বৃহৎ সমাবেশ অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৃষক, বিৰোধিৰ প্ৰতিবাদ নেওচি গ্ৰহণ কৰা ৩ বিতৰ্কিত কৃষি আইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল।

প্ৰধানমন্ত্ৰীৰ এই ঘোষণাত সন্তুষ্ট হোৱা নাই কৃষকসকল। কৃষকে বিচাৰিছে এই আইন সাংবিধানিকভাৱে প্ৰত্যাহাৰ হওক। এই তিনি কৃষি আইন প্ৰত্যাহাৰৰ লগতে কেন্দ্ৰই কৃষকৰ অন্যান্য সমস্যাৰ বিষয়েও গুৰুত্ব প্ৰদান কৰক। নতুন বিজুলী আইনৰ ওপৰতো আপত্তি আছে কৃষকৰ।

ইফালে কৃষক আন্দোলনৰ বৰ্ষপূৰ্তি উপলক্ষে টিক্ৰিয় বৰ্ডাৰত অনুষ্ঠিত হব বৃহৎ সমাবেশেৰ এক মহা পঞ্চায়ত। ভাৰতীয় কিষাণ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মহাপঞ্চায়তত উপস্থিত থাকিব কৃষক আন্দোলনক নেতৃত্ব প্ৰদান কৰা কৃষক সংগঠনসমূহৰ নতাসমূহ।

মন কৰিবলগীয়া যে ২৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হব সংসদৰ শীতকালীন অধিবেশন। এই অধিবেশনৰ সময়ছোৱাত ৯ নৱেম্বৰৰ পৰা প্ৰতিদিনে ৫০০ কৃষকৰ সৈতে সংসদলৈ ট্ৰেক্টৰ ৰেলী কৰাৰ সূচী তৈয়াৰ কৰিছে ইউনাইটেড কিষাণ মৰ্চাই। এই বিষয়ত মহাপঞ্চায়তত পূৰ্ণ সূচী তৈয়াৰ কৰা হব। এই মহাপঞ্চায়তলৈ পঞ্জাৱ, হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকৰ আগমণ ঘটিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3p4jRQ4
via IFTTT

Comments