বিয়াৰ গান শুনি হাৰ্টএটেক হৈ মৰিল ৬৩টা কুকুৰা! থানাত দাখিল এজাহাৰ…

ডিজিটেল ডেস্কঃ কি যে ঘটনাবোৰ ঘটে। গান শুনি মৰিল কুকুৰা। অবিশ্বাস্য যেন লগা কথা। কিন্তু এই ঘটনাক লৈ ৰুজু হৈছে গোচৰ। ঘটনাতো ওড়িশাৰ। কুকুৰাৰ মালিকে এই অভিযোগ উত্থাপন কৰি কাষ চাপিল আৰক্ষীৰ। তেওঁৰ অভিযোগ তেওঁৰ ফাৰ্মত থকা ৬৩টা কুকুৰা গানৰ বাবে মৃত্যু হৈছে।

কুকুৰা পালকজনৰ ঘৰৰ সমীপতে আছিল এক বিবাহ অনুষ্ঠান। সেই অনুষ্ঠানৰ উপলক্ষে উচ্চস্বৰত বজোৱা হৈছিল গান। ডিজেৰ জৰিয়তে গান বজাই হেনো বহু সময় ধৰি স্ফূৰ্তি-তামাছা কৰিছিল বিয়াঘৰত। বালাশ্বৰৰ কাণ্ডাগাৰ্দী গাঁৱৰ ৰঞ্জিত পাৰিদা নামৰ লোকজনৰ কুকুৰা ফাৰ্মত সেই নিশাই মৃত্যু হৈছিল ৬৩টা কুকুৰা।

এই ঘটনাৰ সৈতে তেওঁ যোগসূত্ৰ বিচাৰি পালে এই বিবাহ অনুষ্ঠানৰ। তাৰ পাছত নীলগিৰি আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ। এই এজাহাৰত কুকুৰা মালিকে লিখিলে- নিশা ৰামচন্দ্ৰ পাৰিদাৰ ঘৰত বিবাহ উপলক্ষে বজোৱা উচ্চস্বৰৰ সংগীতৰ বাবে তেওঁৰ কুকুৰাকেইটাৰ মৃত্যু হৈছে।

কুকুৰা মালিকৰ মতে, ডি জে বজোৱা উচ্চস্বৰৰ গানৰ বাবে হেনো হৃদৰোগত আক্ৰান্ত হৈ কুকুৰাবোৰ অস্থিৰ হৈ ঢলি পৰিছিল। তাৰ কিছুসময়ৰ পাছতে এটা এটাকৈ ৬৩টা কুকুৰা প্ৰাণ গৈছিল। এই অভিযোগ দাখিল কৰাৰ পাছত আৰক্ষীও বিবুধিত পৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিলেও এই অভিযোগ সচাঁ প্ৰমাণ কৰিবলৈ কাষ চাপিছে পশু চিকিৎসকৰ।

আৰক্ষীয়ে পশু চিকিৎসকৰ পৰা এনে হ’ব পাৰে নেকি সেই সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। কুকুৰাৰ মালিকে বিচাৰিছে ৰাম চন্দ্ৰ নামৰ বিয়া আয়োজন কৰা লোকজনৰ পৰা উপযুক্ত ক্ষতিপূৰণ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cLFcbh
via IFTTT

Comments