অসমৰ লোকক মেঘালয়ৰ সৈতে চামিল হবলৈ হেচাঃ অসম বিদ্বেষী লোকক গ্ৰেপ্তাৰক লৈ উত্তপ্ত বকো আৰক্ষী থানা…


ডিজিটেল সংবাদ বকো: এগৰাকী অসম বিদ্বেষী লোকক নিশা গ্ৰেপ্তাৰ কৰিলে বকো আৰক্ষীয়ে।লোকগৰাকীৰ নাম ক্লানডিত চাংমা (৩৩) । আটকাধীন চাংমাৰ ঘৰ বকো থানাৰ অন্তৰ্গত শালবাৰী গাঁৱত। লোকগৰাকীয়ে দীৰ্ঘদিন ধৰা অসমৰ বিভিন্ন গাঁৱৰ লোকক মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত চামিল হ’বলৈ হেচা প্ৰয়োগ কৰি আহিছিল। আনকি কোনোলোকে মেঘালয়ৰ ভৌগোলিক সীমাৰ ভিতৰত চামলি হ’বলৈ অনিচ্ছা ব্যক্ত কৰিলে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল।

স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা বকোৰ গামেৰীমূৰা বজাৰৰ পৰা বকো আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে অসম বিদ্বেষী ক্লানডিত চাংমাক । নিশা একাংশ অসম বিদ্বেষী লোকে ব্যক্তিগৰাকীৰ গ্ৰেপ্তাৰ প্ৰতিবাদত ঘেৰাও কৰে বকো থানা । এতিয়ালৈকে অৱশ্যে আৰক্ষীয়ে মুকলি কৰি দিয়া নাই ব্যক্তিগৰাকীক । থানা ঘেৰাও কৰা লোকৰ সৈতে বকো আৰক্ষীৰ হেচাঁ- থেলা পৰ্যন্ত হোৱা বুলি জানিব পৰা গৈছে



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DOK5MJ
via IFTTT

Comments