চৰাইদেউত সফল সামৰণি বিশ্ব ঐতিহ্য সপ্তাহ ২০২১…

ডিজিটেল সংবাদ, চৰাইদউঃ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ সংৰক্ষণ তথা জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ১৯ নৱেম্বৰ পৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ বৃহস্পতিবাৰে সামৰণি পৰে ৷অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনত ৰূপায়ণ হোৱা ঐতিহ্য সপ্তাহৰ আজি অন্তিম দিনা চৰাইদেউ তাই মিউজিয়ামত এক সভা অনুষ্ঠিত হয়।তৰ্পণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক ড° নৱজিৎ দেউৰীয়ে আদৰণি ভাষণ আগবঢ়ায় ৷

ঐতিহ্য সপ্তাহৰ আজি অন্তিম দিনা চৰাইদেউ সভাত শিক্ষক তথা সমাজকৰ্মী ক্ৰমে মৃদুল কোঁৱৰ, অমূল্য দুৱৰী, আটাছুৰ চৰাইদেউ জিলা সমিতিৰ সহকাৰী সম্পাদক লুহিত গগৈ, আটাছুৰ বিষয় ববীয়া ক্ৰমে অৰ্জুন কোঁৱৰ, সুৰজ বৰগোঁহাই, সমাজকৰ্মী বিজয় বড়া, টাইপাৰ প্ৰতিনিধি সুনীল গগৈয়ে সভাখনিত বক্তব্য আগবঢ়ায়। সভাখনিত প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰকাৰিকৰী বিষয়া ড° চাবিনা হাছান, জ্যেষ্ঠ সংৰক্ষণ বিষয়া কংকণজ্যোতি শইকীয়াকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3DXy0F2
via IFTTT

Comments