মোৰ নাম সনন্ত, চাহ-বাগিছাৰ ক’লা এটি ল’ৰা সনন্ত

মৃদুল কুমাৰ সন্দিকৈ
কবিৰ জানো মৃত্যু হয়! কবিতায়েই কবিক অমৰ কৰি থয়। মাটি আৰু মানুহৰ কথা কোৱা কবিতো কেতিয়াও হেৰাই নাযায়। তেওঁৰ কবিতাত আছিল কেৱল সম্ভাৱনা আৰু প্ৰতিবাদ। সেই প্ৰতিবাদত প্ৰতিফলিত হৈছিল ক্ষোভৰ অগ্নিপিণ্ড। অসুস্থ দেহাৰেই লিখিছিল কবিতা।
কেইবাদশক ধৰি কবিতাৰে ৰসগ্ৰাহী পাঠকৰ বাবে শব্দ-বৰ্ণৰ আখৰাৰে শোষিত জনৰ কথা কৈ গৈছিল। সেই কবি উভতি আহিব ২৬ নৱেম্বৰ ২০২১ ত। এইবাৰ কবিয়ে আহি নিলিখেহি কবিতা। নিজেই এটা কবিতা হৈ মাটি ভালপোৱা, শ্ৰেণী সংগ্ৰামৰ কথা কোৱা কবিজন মিলিযাবহি মাটিৰ লগত।
৪ নৱেম্বৰত তেওঁৰ জন্মদিন আছিল। ১৯৫২ চনৰ ৪ নৱেম্বৰৰ দিনটোতে কৰিমগঞ্জৰ কালিনগৰ চাহবাগিচাত তেওঁৰ জন্ম হৈছিল। এইবাৰ জন্মদিনত তেওঁ আছিল দিল্লীৰ এপ’লত। সুহৃদসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছিল। দীৰ্ঘদিনৰ অসুস্থাই দুৰ্বল কৰি তুলিলেও তেওঁ কবিতা লিখাৰ হেঁপাহ এৰি দিয়া নাছিল।
আকৌ ঘূৰি আহি কবিতা লিখাৰ কথা তেওঁ কৈছিল। মানুহৰ মহত্ত্বক তেওঁ কবিতাৰ মাধ্য়মেৰে উপস্থাপন কৰোঁতে সামাজিক দায়বদ্ধতাক কঢ়িয়াই লৈ ফুৰে। ৭০ ৰ দশকতে আত্মপ্ৰকাশ কৰা কবিয়ে উজ্জ্বল নক্ষত্ৰৰ সন্ধানেৰে কবিতাৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পাছত ‘মই মানুহৰ অমল উৎসৱ’, ‘নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ’, ‘শব্দ অথবা শব্দহীনতা’ আদি অনেক কাব্য সংকলনৰ স্ৰষ্টা আছিল তেওঁ।
‘মৃত্যুৰ আগৰ ষ্টপেজত’ তেওঁৰ আন এখন কাব্য সংকলন। ‘আপুনি আপোনাৰ সতে যুদ্ধ কৰিব পাৰিবনে’, ‘মই মোৰ প্ৰিয় সপোনৰ ওচৰে-পাজৰে’, ‘কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে’ আদি কাব্য সংকলনেৰে তেওঁ অসমীয়া কাব্য জগতক সমৃদ্ধ কৰিছিল। ‘আজি ৰাতি অথবা কাইলৈৰ পৰা’ তেওঁৰে এটা কবিতা। য’ত তেওঁ লিখিছিল- ‘প্ৰিয় বন্ধুসকল, আপোনালোক থিয় হওক আৰু মোক/ মুকলি কৰি দিয়ক/ অন্ধত্ব আৰু দুঃসহ যান্ত্ৰনাৰ পৰা আজি ৰাতি অথবা/ কাইলৈৰ পৰা….’।
সেইয়াই হ’ল, এ’পল হাস্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাতেই গুচি গ’ল। তেওঁ থমকি ৰোৱা নাছিল। বহু যান্ত্ৰণা বুকুত লৈও শয্যাশায়ী দেহাৰেই যেন কবিতাৰ সৈতেই কথা পাতি গৈছিল। তেওঁ জীৱন আৰু চেতনাত কেৱল কবিতা। মানুহে মানুহৰ বাবে ক’ব পৰা সকলো কথাৰেই কবিতাই ভাষা।
আশাবাদী আছিল তেওঁ। সপোনৰ মাজেৰে বাস্তুৱক আগুৱাই নিয়াৰ এক ইতিবাচক মনৰ গৰাকী আছিল। নিগ্ৰুৰ বাবে তেওঁ লিখিছিল কবিতা। সেই সত্ত্বাত তেওঁ বিশ্বাসী হৈ ৰৈছিল চিৰদিন। কবিতাৰে জীৱন জিনা মানুহ। বজৰুৱা কৃষ্টি, সংস্কৃতি নাশ কৰি এক সুন্দৰ মেনেৰে, গভীৰ প্ৰত্যয়েৰে হাতত তুলি লৈছিল কলম।
তেওঁৰেই এখন কিতাপৰ নাম ‘কাইলৈ দিনটো আমাৰ হ’ব’। কবিতাৰে কি চমক! জীৱনৰ সৈতে জীৱনক লৈ আলাপ। তেওঁ লিখিছিল সেই কবিতাটোত- ‘কাইলৈ দিনটো আমাৰ হ’ব/কাইলৈৰ পৰা সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে/ নাথাকিব আন কোনো কথা….’।
সেই কবিতাই আজি তেওঁৰ কথা কৈছে। তেওঁৰ মৃত্যুৰ খবৰ দিছে। দুখৰ মাজতো তেওঁৰ উপস্থিতি ধৰা দিছে। এনে সংবেদনশীলতাই তেওঁ কবিতাৰ চৰ্চা কৰিছিল। আশা আৰু প্ৰত্যয়ৰ মাজত সেই দিনটো সুখৰ হৈ আহিব বুলি ভাবিছিল।
সচাকৈয়ে কাইলৈ দিনটো তেওঁৰেই হ’ব। সম্পূৰ্ণ স্বাধীনতাৰ বাহিৰে তাত আৰু একো কথাই নাথাকিব। এটা অধ্যায়ৰ সামৰণি পৰিল। নীৰৱ সাধনাৰে, কবিতাৰ মাধ্যমেৰে তেওঁ জিলিকি উঠিছিল। সমালোচকে তেওঁৰ কবিতাৰ মাজত সম্ভাৱনা দেখা পাইছিল তেতিয়াই।
জটিল সন্ধিক্ষণৰ মাজেৰে তেওঁৰ জীৱন আগবাঢ়িছিল। বঙালি ভাষাত প্ৰথম কাব্য চৰ্চা কৰি অসমীয়া ভাষাৰ মোহত পৰিছিল। মানুহৰ হৃদয় আলোড়িত কৰিব পৰাকৈ কবিতাক সমাজৰ মংগলৰ হকে উৎসৰ্গা কৰিব পৰাটো তেওঁৰেই কৃতিত্ব।
প্ৰানস্পৰ্শী কবিতা বোৰে সদায় তেওঁৰেই কথা ক’ব। শোকস্তব্ধ আজি শব্দবোৰো। তেওঁ বিচাৰিছিল মানুহ হিচাপে পৰিচয়। যিয়েই তেওঁ পঢ়িছে ভাষা নামৰ কবিতা তাতেই তেওঁ কৈছে এই কথা।- ”মোৰ দেউতাই দিয়া ভাষাটোক মোৰ/ আইৰ গৰ্ভত থৈ দিছিলো/ আৰু মোৰ আয়ে দিয়া ভাষাটোক মই পৃথিৱীৰ গৰ্ভত থৈ দিছিলো/ইদাণীং শৰীৰতত্ববিদসকলে প্ৰকাশ কৰিছে/মোৰ হেনো নিজস্ব ভাষায়েই নাই/ মাননীয় ভাষা পৰিষদ/ আপাতত: মোক মানুহ হিচাবেই পৰিচয় দিয়ক/ আপাতত: মোক মানুহ হিচাবে মানুহৰ ওচৰতে/ যেনে সনন্ত পদবী তাঁতি জাতি মানুহ/
বৰ্ণ ক’লা জন্মস্থান পৃথিৱী/ আপাতত: মোৰ আই আৰু দেউতাই যা’তে গম নাপায়/ মই কেৱল তেওঁলোকৰেই সন্তান নাছিলো/ কাৰণ মোৰ দেউতাৰ কোনো নিজস্ব নাম নাই/ মোৰ আইৰ কোনো নিজস্ব নাম নাই/ মোৰ দেউতাৰ নাম পৃথিৱী মোৰ আইৰ নাম পৃথিৱী/ আৰু মোৰ নাম সনন্ত চাহ-বাগিছাৰ ক’লা এটি লৰা সনন্ত।”
ইয়াতকৈ আৰু কি ক’ ব লাগে এই কবিৰ কথা। বিদায় কবি। বিদায় সনন্ত তাঁতী…।।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FOs6qc
via IFTTT
Comments
Post a Comment