ন-ৰূপত সজাই পৰাই তোলা হৈছে বটদ্ৰৱাৰ ঐতিহাসিক কীৰ্তন ঘৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা থানৰ কীৰ্তনঘৰটি প্ৰথম অসমীয়া কীৰ্তনঘৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত এই কীৰ্তনঘৰতে পাঁচশ বছৰৰ ঐতিহ্য বহন কৰি পৰিবেশিত হৈ থকা চৈধ্যপ্রসংগৰ প্রণালীত হৈ থকা নাম-কীৰ্তন, তিথি–মহোৎসৱ, গীত-মাত, শ্রৱন-কীৰ্তনৰ মাজেৰে প্রবাহিত হৈ আছে জাতীয় ঐতিহ্য।

বিগত জুলাই মাহৰ পৰা এই কীৰ্তনঘৰটিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চলি আছে নিৰ্মাণ কাৰ্য্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত চাৰি মাহ ধৰি চলি থকা নিৰ্মাণকাৰ্য্য বৰ্তমান সমাপ্তি পথত। চাৰিমাহ ধৰি চলি থকা মনিকূট, কীৰ্তনঘৰৰ মজিয়া আৰু চিলিং উন্নয়ণৰ পাছত শিঘ্ৰে গোসাঁই প্ৰতিষ্ঠা কৰি পুনৰ আৰম্ভ হব নাম-কীৰ্তন। যাৰ পৰিপেক্ষিতত উৎফুল্লিত হৈ পৰিছে বটদ্ৰৱা থানৰ ভকত বৈষ্ণব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cLqAZt
via IFTTT

Comments