মঙলদৈত ১৫ ডিচেম্বৰৰ পৰা আৰ্চাৰী প্ৰশিক্ষণ শিবিৰ আৰু ২১জানুৱাৰীৰ পৰা আন্তঃ জিলা ছিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতা…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা আৰ্চাৰী সন্থাৰ উদ্যোগত অহা ১৫ ডিচেম্বৰৰ পৰা মঙলদৈ মহাবিদ্যালয় খেলপথাৰত আৰ্চাৰীৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব। ওদালগুৰি জিলাৰ কোৰামোৰ চাহ বাগিছাৰ প্ৰাকৃতিক পৰিৱেশত সন্থাৰ সভাপতি তথা দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত হোৱা সন্থাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সাধাৰণ সম্পাদক প্ৰতাপ বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অহা ২১ জানুৱাৰীৰ পৰা মঙলদৈত সদৌ অসম আন্তঃ জিলা ছিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
সভাখনত দৰঙৰ উপ আৰক্ষী অধীক্ষক তথা উপসভাপতি প্ৰাঞ্জল বৰা, ভাৰ্গৱ কুমাৰ দাস, সঞ্জীৱ কুমাৰ শৰ্মা, কোষাধ্যক্ষ কেশব চন্দ্ৰ শৰ্মা, সহকাৰী সম্পাদক হিতেশ হাজৰিকা, সদস্য গণেশ দত্ত, ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱ, হেমন্ত কুমাৰ বৰুৱা, হিৰেণ ডেকা, প্ৰকাশ ডেকা, ধৰ্মকান্ত বৰুৱা, মমিন আলী আহমেদ, জিতেন ডেকাই নিজৰ নিজৰ মতামত ব্যক্ত কৰে। এই সভাত হৰিশিঙা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাস অতিথি হিচাপে উপস্থিত থাকে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3nQdC33
via IFTTT
Comments
Post a Comment