কাইলৈৰ দিনটো আমাৰ হ’বঃ ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে বিশিষ্ট কবি সনন্ত তাঁতীয়ে…

- শিষ্ট কবি সনন্ত তাঁতী আৰু নাই।
- বৃহস্পতিবাৰে নিশা ১:০৫ বজাত নতুন দিল্লীত দেহাৱসান ঘটে প্ৰিয় কবিজনৰ।
- ১৯৫২ চনত কৰিমগঞ্জৰ কালীনগৰ চাহ বাগানত এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰা কবি গৰাকীয়ে।
- ২০১৮ চনত তেওঁৰ ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ শীৰ্ষক কাব্য সংকলন খনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
- ৬৯ বছৰ বয়সত মৃত্যু বিশিষ্ট কবি গৰাকীৰ।
- দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ আছিল কবিগৰাকী
- ভীষণ আৰ্থিক সংকটৰ মাজতো ৰাইজৰ দান বৰঙণিৰে চিকিৎসা আগবঢ়োৱা সনন্ত তাঁতীৰ নশ্বৰ দেহ অসমলৈ নিয়াৰ বাবেও চিন্তিত পৰিয়াল ৷
- ২০১৭ চনত অসম উপত্যকা সাহিত্য বঁটাৰেও সন্মানিত কবি,সমালোচক গৰাকীয়ে কথাশিল্পৰ জড়িয়তে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3r9VEKW
via IFTTT
Comments
Post a Comment