কাইলৈৰ দিনটো আমাৰ হ’ব বুলি কবলৈ তেওঁ আৰু নাই…পঢ়ক সবিশেষ

ডিজিটেল ডেস্কঃ কাইলৈৰ দিনটো আমাৰ হ’ব বুলি কবলৈ তেওঁ আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থতাৰ সৈতে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে বিশিষ্ট কবি সনন্ত তাঁতিয়ে। বৃহস্পতিবাৰে নিশা ১:০৫ বজাত নতুন দিল্লীত দেহাৱসান ঘটে সকলোৰে প্ৰিয় কবিজনৰ।
এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বঙলা ভাষাত শিক্ষা লৈ অসমীয়া ভাষাত উল্লেখযোগ্য কবিতা ৰচনা কৰি বহু কেইটা বঁটা লাভ কৰাৰ উপৰিও ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হব’ কাব্যগ্ৰন্থৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হৈছিল।
মাটি আৰু মানুহৰ জয়গান গোৱা কবিয়ে জীৱনৰ মহত্ত্ব সমূহক তেওঁৰ কবিতাত সুন্দৰকৈ উপস্থাপন কৰিছিল। অৱহেলিত আৰু শোষিত মানুহৰ প্ৰতি থকা সামাজিক দায়বদ্ধতা বাস্তবায়নৰ প্ৰচেষ্টা তেওঁৰ কবিতাত বলিষ্ঠৰূপে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল।
১৯৫২ চনৰ ৪ নৱেম্বৰত অসমৰ কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত সনন্ত তাঁতিৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল লোকনাথ তাঁতি, মাতৃৰ নাম আছিল বৈতৰণী তাঁতি। সনন্ত তাঁতিয়ে তেওঁৰ ওপজা ঠাই কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলি প্ৰায় দুই কিলোমিটাৰ নিলগত থকা ৰামকৃষ্ণ নগৰত অৱস্থিত ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰিছিল।
একে বছৰতে শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে যদিও আৰ্থিক অৱস্থাৰ বাবে সেই শিক্ষা অসমাপ্ত ৰাখি চাকৰিত যোগদান কৰে। যোৰহাটত চাকৰি কৰি থকা অৱস্থাত যোৰহাট এমালগেমেটেড কলেজত নৈশ শাখাত পঢ়াশুনা কৰে আৰু অৱশেষত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাবে ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
১৯৭১ চনত সনন্ত তাঁতিয়ে যোৰহাটত থকা অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহবাগিচা ভবিষ্যনিধি আৰু বৃত্তিনিধি আঁচনি) কৰ্মচাৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। পৰবৰ্ত্তী সময়ত তেওঁ ক্ৰমান্বয়ে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভবিষ্যনিধি সংগঠনত জেষ্ঠ জনসংযোগ বিষয়া আৰু উপ- ভবিষ্যনিধি আয়ুক্ত হিচাবে কাৰ্য নিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে যদিও অৱসৰৰ পাচত পুনৰ ডেৰ বছৰকাল বৰ্ধিত সময়ৰ বাবে একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰিছিল।
সনন্ত তাঁতিৰ গ্ৰন্থ সমূহ হৈছে-
- উজ্জ্বল নক্ষত্ৰৰ সন্ধানত ( কবিতা পুথি, ট্ৰেণ্ড, গুৱাহাটী, জানুৱাৰী ১৯৮১),
- মই মানুহৰ অমল উৎসৱ ( কবিতা পুথি, এল বি এছ পাব্লিকেশ্যন, গুৱাহাটী, নৱেম্বৰ ১৯৮৫),
- নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, আগষ্ট ১৯৯০),
- শব্দত অথবা শব্দহীনতাত (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৩),
- মৃত্যুৰ আগৰ ষ্টপেজত ( কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬),
- টোপনিতো কেতিয়াবা বাৰিষা আহে (কবিতা পুথি, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৭),
- ধোঁৱা ছাইৰ সপোন (কবিতা পুথি, পুথি নিকেতন, গুৱাহাটী, ১৯৯৯),
- দীৰ্ণ বসন্তৰ সৌৰভ (কবিতা পুথি, জাৰ্ণাল এম্প’ৰিয়াম, নলবাৰী, ২০০২),
- আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৪),
- মই (কবিতা পুথি, সেউজী সেউজী, নৱেম্বৰ, নানকাৰ ভয়ৰা, নলবাৰী, ২০০৮),
- মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ (কবিতা পুথি, সেউজী সেউজী, নানকাৰ ভয়ৰা, নলবাৰী, ২০১০),
- কাইলৈৰ দিনটো আমাৰ হ’ব (কবিতা পুথি, আঁক-বাক, গুৱাহাটী, ডিচেম্বৰ ২০১৩),
- মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে (কবিতা পুথি, ফেকাল্টি বুক্ছ, গুৱাহাটী, এপ্ৰিল ২০১৭),
- ‘Selected Poems Sananta Tanty’ (অনুবাদক: দিব্যজ্যোতি শৰ্মা, আই ৰাইট ইম্প্ৰিণ্ট, নতুন দিল্লী, ২০১৭)
- কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে (কাব্যগ্ৰন্থ, প্ৰকাশকঃ আঁক-বাক, গুৱাহাটী)।
সনন্ত তাঁতিয়ে লাভ কৰা পুৰস্কাৰ তথা সন্মানসমূহ হৈছে:
১৯৯২ চনত অসম কবি সমাজে আগবঢ়োৱা মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা,
২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ,
২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা,
২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান,
২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা,
২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে আগবঢ়োৱা শিৰীষ-অইল সাহিত্য বঁটা,
২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ,
২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা
২০১৮ চনত ভাৰত চৰকাৰৰ অধীনস্থ সাহিত্য অকাডেমিয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা
২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।
৬৯ বছৰ বয়সত মৃত্যু বিশিষ্ট কবি গৰাকীৰ মৃত্যুত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা কবিগৰাকীয়ে ভীষণ আৰ্থিক সংকটৰ মাজতো ৰাইজৰ দান বৰঙণিৰে চিকিৎসা আগবঢ়োৱা সনন্ত তাঁতীৰ নশ্বৰ দেহ অসমলৈ নিয়াৰ বাবেও চিন্তিত হৈ পৰিছে পৰিয়াল ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3l2kWXB
via IFTTT
Comments
Post a Comment