দৰঙৰ শিক্ষকৰ বি এড ডিগ্রীৰ তদন্তৰ দাবীত সৰব দুৰ্নীতি বিৰোধী যুৱ শক্তি…

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ হাইস্কুল সমূহৰ একাংশ শিক্ষকৰ বি এড ডিগ্রীৰ ওপৰত সন্দেহ প্রকাশ কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি নামৰ সংগঠনটোৰ দৰং জিলা সমিতিয়ে । মঙলবাৰে সংগঠটিয়ে দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক গৰাকীক এক স্মাৰক পত্র প্রদান কৰে । সংগঠনটোৰ জিলা সমিতিৰ সভাপতি নিত্যানন্দ কলিতা আৰু সম্পাদক সুৰেন তালুকদাৰ স্বাক্ষৰিত স্মাৰক পত্র খনত ২০১০ৰ পৰা ২০২১ চনৰ চলিত মাহলৈ যিসকল হাইস্কুল শিক্ষকে বি এড ডিগ্রী লাভ কৰিছিল সেই সকলক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ।
সংগঠনটিয়ে অভিযোগ কৰা অনুসৰি শিক্ষক সকলে বিদ্যালয়ত পাঠদান কৰাৰ সময়তে আন এখন শিক্ষানুষ্ঠাৰ ছাত্র হৈ আছে ।একে সময়তে এজন ব্যক্তি ছাত্র আৰু শিক্ষক হব নোৱাৰে । কিন্তু দৰঙত সেয়া পৰিলক্ষিত হৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Zrw8W8
via IFTTT
Comments
Post a Comment