১০৮গীৰ গাইৰ প্ৰথমটো ইউনিট পালেহি গৰুখুঁটি…

ডিজিটেল ডেস্কঃ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিবলগা ২০০০জনী গীৰ গাইৰ ভিতৰত ১০৮গৰাকী গীৰ গাই বৃহস্পতিবাৰে পুৱাই পালেহি অসম। গুজৰাটৰ পৰা আহি ৰঙিয়া ষ্টেচন পোৱাৰ পিছত ট্ৰাকেৰে গৰুখুঁটিলৈ লৈ যোৱা হৈছে এই ১০৮জনী গীৰ গাই।

উল্লেখ্য যে, গৰুখুঁটি কৃষি প্ৰকল্পৰ নেতৃত্ব লোৱা বিধায়ক পদ্ম হাজৰিকাই অসমীয়া প্ৰতিদিন ডিজিটেল জানিবলৈ দিয়া মতে, ১০৮গৰাকী গীৰ গাই আহি পাইছে যদিও প্ৰথম পৰ্যায়ত ৫০০গৰাকী গীৰ গাই অসমলৈ অনা হব। মুঠ ২০০০জনী গীৰ গাই অসমলৈ অনাৰ বাবে চুক্তি সম্পাদন হৈছে।

May be an image of 8 people and people standing

প্ৰথম পৰ্যায়ত ১০৮গৰাকী গীৰ গাই ৰেলযোগে ৰঙিয়াত আজি নিচেই পুৱাতে উপস্থিত হোৱাৰ পিছত এই সমূহ ট্ৰাকযোগে গৰুখুঁটিত প্ৰকল্পত নিৰ্মাণ কৰা দুগ্ধ পামলৈ নি থকা হৈছে। গাই সমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা ৬জন বিশেষজ্ঞসহ মুঠ ১৬জন কৰ্মীও গৰুখুঁটিলৈ আহিছে।

তেওঁলোক গৰুখুঁটিতে থাকি তেওঁলোকৰ খাদ্যাভাস, ইয়াৰ জলবায়ু আৰু গাইসমূহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সৰ্তকতাৰে পৰ্যবেক্ষণ কৰিব। ইফালে কালি নিশালৈকে গৰুখুঁটিতে থকা মাতৃ অসুস্থতাৰ বাবে চতিয়াৰ ঘৰলৈ যোৱা এই প্ৰকল্পৰ উপদেষ্টা তথা বিধায়ক পদ্ম হাজৰিকা পুৱাই চতিয়াৰ পৰা ৰাওনা হৈ মঙলদৈত উপস্থিত হৈছেহি।

আনহাতে, গুজৰাট চৰকাৰে অধিক সংখ্যক গীৰগাই অসমলৈ অনাৰ পৰিৱৰ্তে গুজৰাটৰ গীৰ গাইৰ সৈতে অসমৰ থলুৱা ভাল প্ৰজাতিৰ গাইৰ বৰ্ণসংকৰ প্ৰজননৰ পদক্ষেপ কম খৰছত অধিক লাভদায়ক হব নেকি, সেই বিষয়টো পৰীক্ষা কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ কৰা বুলি জানিব পৰা গৈছে।

May be an image of 10 people, people standing and people sitting

এনে পৰিপ্ৰেক্ষিততে ২০০০ গীৰ গাই সন্দৰ্ভত চুক্তি হলেও পৰ্যায়ক্ৰমে ৫০০গাই অসমলৈ অনাৰ সমান্তৰালভাৱে বৰ্ণসংকৰ কৃত্ৰিম প্ৰজননৰ বাবে বৰপেটা পশু চিকিতসা মহাবিদ্যালয় খনৰ প্ৰয়োজনীয় আন্তঃগাথনি উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৃষি আৰু পশু পালন বিভাগে তাতক্ষণিক পদক্ষেপ গ্ৰহণ কৰা সিদ্ধান্ত লোৱাৰ কথা জানিব পৰা গৈছে।

সেয়া যিয়েই নহওঁক কিয়, গীৰ গাইৰ অসম আগমনে অসমত প্ৰয়োজনীয় বৃহত পৰিমাণৰ গাখীৰৰ চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত এক স্বনিৰ্ভৰ আন্তঃগাথনি শক্তিশালীৰূপত গঢ়ি তুলিব বুলি আশা কৰিব পৰা গৈছে। নিশ্চিতভাৱে ইয়াৰ বাবে গৰুখুঁটি প্ৰকল্পৰ সেনাপতিস্বৰূপ পদ্ম হাজৰিকাৰ লগতে কৃষি পশুপালন বিভাগৰ বিষয়া আমোলাবৰ্গক প্ৰথম পদক্ষেপতে সফলতাৰ বাট কাটিবলৈ সক্ষম হোৱা বুলি প্ৰশংসা কৰিব লাগিব।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/30ZSgHU
via IFTTT

Comments