দেশত কমিছে কোৰোনা! কিন্তু ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব কোৰোনাৰ তৃতীয় লহৰ…

ডিজিটেল ডেস্কঃ দেশত লাহে লাহে কমিছো কোৰানাৰ প্ৰকোপ। বৰ্তমানত হস্পাতালত ১লাখ ৯হাজাৰ ৯৪০গৰাকী কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি ৫৩৯দিনৰ ভিতৰত চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যাই এয়াই হৈছি সৰ্বনিম্ন।
ইফালে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯হাজাৰ ১১৯গৰাকী লোকৰ। ইয়াৰ বিপৰীতে উক্ত সময়চোৱাত ১০হাজাৰ ২৬৪গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভটিছে। উল্লেখ্য যে, বিগত ২৪ঘন্টাত ৩৯৬গৰাকী কোৰোনা ৰোগীৰ মৃত্যু হৈছে।
কোৰোনাৰ সংক্ৰমণ কমিছে যদিও ডিচেম্বৰৰ পৰা কোৰোনাৰ তৃতীয় ঢৌঁ আৰম্ভ হব বুলি সদৰি কৰিছে মহাৰাষ্ট্ৰ স্বাস্থ্যমন্ত্ৰীয়ে। তেওঁ কয় যে- কোৰোনাৰ তৃতীয় ঢৌঁ ডিচেম্বৰৰ পৰাই আৰম্ভ হব। কিন্তু ইয়াৰ প্ৰকোপ পূৰ্বতকৈ কিছু কম হ’ব। অক্সিজেন আৰু আই চি ইউক লৈ যি জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছিল তেনে পৰিস্থিতি এইবাৰ সৃষ্টি নহয় বুলি কয় স্বাস্থ্যমন্ত্ৰীয়ে। অৱশ্যে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এই দাবী কিমান গ্ৰহণযোগ্য সেয়াও এক বিচাৰ্য বিষয়।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3r93AfA
via IFTTT
Comments
Post a Comment