বকোৰ ছমৰীয়াত কামৰূপ জিলা বাঙালি পৰিষদৰ বাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সদৌ অসম বাঙালি পৰিষদৰ কামৰূপ জিলা সমিতিৰ প্ৰথম সংখ্যক বাৰ্ষিক অধিবেশনখন অহা ২৮ নৱেম্বৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ পুঠিমাৰীৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাইছে৷ কাৰ্যসূচী অনুসৰি সিদিনা পুৱা সাত বজাত সমাজ সেৱাৰ পিচতে আঠ বজাত গছপুলি ৰোপন কৰিব শালমাৰা-পুঠিমাৰী আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সুনীল ভট্টাচাৰ্যই৷ ন বজাত সাংস্কৃতিক শোভাযাত্ৰা৷ দহ বজাত মঞ্চ মুকলি কৰিব ৩নং নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠকে৷
দুপৰীয়া অনুষ্ঠিতব্য মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, সদৌ অসম বাঙালি পৰিষদৰ কেন্দ্ৰীয় সভাপতি ডাঃ শান্তনু সান্যাল, গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ জ্ঞানেন্দ্ৰ বৰ্মন, ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সাম্পাদক সীমান্ত দাস, আৰক্ষী বিষয়া সঞ্জয় সান্যাল, নিমন্ত্ৰিত অতিথি হিচাপে ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক বীৰেশ চন্দ্ৰ তপাদাৰসহ কেবাজনো বিশিষ্ট ব্যক্তি অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷
সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সদানন্দ দাসে, সাত বজাত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ’ব৷ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে কৰ্ণধৰ সৰকাৰক সভাপতি, ৰঞ্জিত মণ্ডল, আনন্দ মণ্ডলক উপ-সভাপতি, মৃদুল মণ্ডলক সম্পাদক, মনোৰঞ্জন গোস্বামী, শ্ৰীবাস ৰায়ক সহকাৰী সম্পাদক আৰু সদানন্দ দাসক কোষাধ্যক্ষ হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cKRxwi
via IFTTT
Comments
Post a Comment