কামৰূপ জিলাৰ বৰহাঝাৰা গাঁৱত কৃষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ…

ডিজিটেল সংবাদ দুমুনিচকীঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৱা ইং ২২ নবেম্বৰ তাৰিখে তিতকুছি গাঁওপঞ্চায়তৰ অন্তৰ্গত বৰহাঝাৰা গাঁৱত এখনি কৃষক প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড৹ ধীৰেন্দ্ৰ নাথ কলিতাৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কেন্দ্ৰত সৃষ্টিকামী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডে সহযোগ আগবঢ়ায়।

প্ৰশিক্ষণ কেন্দ্ৰত স্থানীয় পুৰুষ মহিলাকে ধৰি প্ৰায় অৰ্ধশতাধিক কৃষকে অংশ গ্ৰহণ কৰে। প্ৰশিক্ষণ কেন্দ্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ মৎস্য পালন বিভাগৰ বিশেষজ্ঞ পৰাগ শইকীয়া, গৃহ বিজ্ঞান বিভাগৰ বিশেষজ্ঞা মধুস্মিতা ডেকাৰ উপৰি কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিশেষজ্ঞা ড॰দৰদী প্ৰিয়ম দুৱৰা উপস্থিত থাকে। এই প্ৰশিক্ষণ কাৰ্যসূচীত কৃষক সকলে ঘৰুৱা বাৰী কেনেকৈ পুনৰ সংস্থাপন কৰিব লাগে  তাৰ ওপৰত বৃস্তৃত আলোচনা আগবঢ়ায়।

আনহাতে মহিলা সকলক নিমু পুলি, বিলাহী পুলি, বেঙেনা পুলি, ভেন্দিৰ বীজ আদি বিতৰণ কৰি নিজৰ বাগিচা খন কেনেদৰে পৰিপুষ্ট কৰণ কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ কেন্দ্ৰত পৰামৰ্শ প্ৰদান কৰে। সৰ্বশেষত ড°দৰদী প্ৰিয়ম দুৱৰা আৰু মধুস্মিতা ডেকাই খেতি পথাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষক সকলৰ সৈতে মত বিনিময় কৰি উপস্থিত কৃষক সকলৰ মাজত এন ই এইচ প্ৰগ্ৰামৰ ৰবিশস্য বিতৰণ কৰে। উল্লেখ্য যে উক্ত দিনাখনে বিহদিয়া গাঁৱত মৎস পালন সন্দৰ্ভত এখন প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিবলৈ দিয়ে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3FR5BBf
via IFTTT

Comments