প্ৰধানমন্ত্ৰী মোডীয়ে জনালে ভোগালী বিহুৰ শুভেচ্ছা…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ জনালে ভোগালী বিহুৰ শুভেচ্ছা। টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাই লিখিছে,-আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। মই প্ৰাৰ্থনা কৰোঁ যে এই উৎসৱে সকলোৰে জীৱন সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰি তোলক।
আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও টুইটাৰৰ জৰিয়তে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ টুইটাৰত লিখিছে, অসমৰ জাতীয় পৰম্পৰাৰ অন্যতম আধাৰ হৈছে আমাৰ বাপতি সাহোন মাঘ বিহু। চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ এক সংপৃক্ত অংগ। ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক সঞ্জীৱনী শকতি, তাৰেই কামনাৰে অসমবাসীলৈ ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা যাচিলোঁ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fmFVB1
via IFTTT
Comments
Post a Comment