পঞ্জাৱ চৰকাৰে কৃষক সকলক পথ অৱৰোধ কৰি প্রধানমন্ত্ৰীক বাধা দিবলৈ কৈছিলঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ

ডিজিটেল ডেস্কঃ পঞ্জাৱ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি পৰিস্থিতি সৃষ্টি হৈছিল তাক লৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নী চৰকাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ ভাবুকি কঢ়িওৱাৰ অভিযোগ উত্থাপন কৰিছে।  ইফালে, গুজৰাটৰ বিজেপিৰ সভাপতি চি আৰ পাটিলে কংগ্ৰেছক এই ঘটনাৰ বাবে ক্ষমা খুজিবলৈ দাবী জনায়। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী মোডীক ৰেলীত অংশ যাতে ল’ব নোৱাৰে তাৰ বাবে ষড়যন্ত্ৰ ৰচা হৈছিল।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত হোৱা এই ঘটনাৰ তদন্তৰ বাবে প্ৰাক্তন ন্যায়াধীশ ইন্দু মলহোত্ৰাৰ অধ্যক্ষতাত ৫ জনীয়া এখন সমিতি গঠন কৰি দিছে।  ইফালে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী খট্টৰে লগতে অভিযোগ কৰি কয় যে- পঞ্জাৱ চৰকাৰে ফিৰোজপুৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰেলীত অংশ গ্ৰহণ যাতে কৰিব নোৱাৰে তাৰ বাবে কৃষক নেতাসকলক পথ অৱৰোধ কৰিবলৈ কৈছিল।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3tsadKX
via IFTTT

Comments