উৰুকাৰ উল্লাস! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত মাছ কিনিবলৈ হেতা-ওপৰা গ্ৰাহকৰ

ডিজিটেল ডেস্ক : ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ সমান্তৰালকৈ ৰাজ্যত আজি পালিত হ’ব অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। সেয়েহে, উৰুকা নিশা লগে-ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন বজাৰসমূহত পৰিলক্ষিত হৈছে অত্যধিক ভিৰ। উৰুকাৰ উল্লাসতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত মাছ কিনিবলৈ হেতা-ওপৰা গ্ৰাহকৰ।

কোকৰাঝাৰ মাছৰ বজাৰতো ভিৰ কৰা দেখা গৈছে গ্ৰাহকে। ২৫ কিলোগ্ৰাম ভকুৱা মাছ ওলাইছে কোকৰাঝাৰ মুখ্য মাছ বজাৰত। এইবেলি চাহিদা অনুযায়ী মাছৰ যোগান কিছু হ্ৰাস পাইছে। যোগান সীমিত হোৱাৰ বাবে বজাৰত মাছৰ মূল্য কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হয়। কোকৰাঝাৰ মুখ্য বজাৰত ৰৌ প্ৰতিকেজি ৯০০ৰ পৰা ১২০০ টকা, ভুকুৱা প্ৰতিকেজি ১২০০, বৰালী ৭০০ টকা আৰু চিতল প্ৰতিকেজি ৮০০ টকা দৰত উপলদ্ধ হৈছে।

পিছপৰি থকা নাই মহানগৰীৰ উজানবজাৰো। বজাৰত ওলোৱা বিভিন্ন ধৰণৰ মাছৰ লগতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ২২ কেজি ওজনৰ আটাইতকৈ ডাঙৰ চিতল মাছ। মাছ কিনিবলৈ হেতা-ওপৰা গ্ৰাহকৰ। মহানগৰবাসীক উৰুকা নিশা থলুৱা মাছৰ সোৱাদ দিবলৈ সাজু হৈছে ৰাজ্যৰ মীন বিভাগো। মহানগৰীৰ বিভিন্ন প্ৰান্তত যোগান ধৰিব ১৫০০ কেজি মাছকে ধৰি ৯ কেজি ওজনৰ ভকুৱাৰ লগতে উপলব্ধ হ’ব ৮ কেজি ওজনৰ চিতলো।

গণেশগুৰিৰ মাছৰ বজাৰতো মাছৰ উজান। ৩৫ কেজি ওজনৰ আটাইতকৈ ডাঙৰ মাছেৰে চৰ্চালৈ আহিছে গণেশগুৰিৰ বজাৰ। উৰুকা নিশা এসাঁজ তৃপ্তিৰে খাবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে গণেশগুৰিৰ বজাৰত।

The post উৰুকাৰ উল্লাস! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত মাছ কিনিবলৈ হেতা-ওপৰা গ্ৰাহকৰ appeared first on Prag News.



from Prag News https://ift.tt/3noHu66
via IFTTT

Comments