সলনি হোৱা নাই মাজুলীৰ দৈৰ চাহিদাঃ জেংৰাইমুখৰ ৰমেশ ঘোষৰ গাখীৰৰ মহলত গ্ৰাহকৰ ভিৰ

ডিজিটে সবাদ মাজুলীঃ প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ অসমৰ মুখ্য জীৱিকা খেতি । খেতি আৰু পথাৰ তাৰ পৰাই হয়তো সৃষ্টি জাতীয় উৎসৱ বিহু । ৰঙালী, কঙালী, ভোগালী তিনিওটি কৃষি কেন্দ্ৰিক উৎসৱ । সেয়ে প্ৰতিজন অসমীয়াৰ বুকুত শিপাই আছে কৃষি, কৃষক আৰু পথাৰ । শাওনত সিঁচা বীজ আহিন কাতিত গাভৰু হৈ উঠে , অভাৱ অনাতনৰ মাজেৰে আহি পায় সোণালী পথাৰখন ,ভিন্ন লোকাচাৰৰ মাজেৰে সোণগুটি চপায়,লখিমীক আদৰে ।

সময় হয় ভোগৰ অৰ্থাৎ মাঘ বিহুৰ । কৃষকৰ বছৰেকৰ পৰিশ্ৰমৰ পিছত ভোগ-বিলাস কৰে । নানান পিঠা লাৰু জলপান তৈয়াৰ কৰে । অসমীয়া সমাজ-সংস্কৃতিত বিশেষকৈ মাঘবিহুত দৈৰ এক সুকীয়া স্থান আছে ।ইতিহাস প্ৰসিদ্ধ সত্ৰনগৰী মাজুলীৰ দৈৰ জনপ্ৰিয়তা সম্পৰ্কে সকলোৱে জ্ঞাত । বিবাহ -সবাহ সকলোতেই মানুহে মাজুলীৰ দৈ বিচাৰিছিল আৰু সেই একেই জনপ্ৰিয়তা এতিয়াও অক্ষুন্ন আছে ।

পুৰণি অসমীয়া সমাজখনত জলপান খোৱাতো এক পৰম্পৰা আছিল , জলপান হিচাপে বৰা চাউলৰ সান্দহ, দৈ আৰু গুড় খাইছিল । অঞ্চল বিশেষে আছে যদিও এই পৰম্পৰা এতিয়া প্ৰায় লুপ্তপ্ৰায় অৱস্থা পাইছে । কিন্তু মাজুলীৰ দৈৰ চাহিদা একেদৰেই আছে । মাঘ বিহুৰ সময়ত ইয়াৰ চাহিদা অধিক ৰূপত বৃদ্ধি পায় । এই সময়ত মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ দৈ-গাখীৰ ৰপ্তানি হয় ।

বৰ্তমান মাজুলী বজাৰতো ভালেকেইখন গাখীৰৰ মহল গঢ়ি উঠা দেখা গৈছে ।এতিয়া ঘৰে ঘৰে গৈ দৈ-গাখীৰ বিচাৰিব নালাগে যি কোনো সময়তেই আপোনালোকে মহল সমূহৰ পৰা ক্ৰয় কৰিব পাৰিব ।পূৰ্বতে ডাঙৰ ডাঙৰ বাঁহৰ চুঙা কাটি তাত দৈ প্ৰস্তুত কৰা হৈছিল আৰু সাঁফৰ হিচাপে তৰা পাত ,কলপাত অথবা শুকান খেৰ তিয়াই ব্যৱহাৰ কৰিছিল ।

এতিয়া অৱশ্যে সেয়া অতীত হ’ল । মাটিৰে নিৰ্মিত পাত্ৰত এতিয়া দৈ প্ৰস্তুত কৰা দেখা যায় । গৰু ,ম’হৰ গাখীৰৰ পৰা তৈয়াৰ কৰা দৈৰ বাবেই মাজুলী খ্যাত । মাজুলীৰ দৈ ইমানেই খমখমীয়া যে দৈ সহ পাত্ৰ ওলোটাই দিলেও পৰি নাযায় ,ইয়াৰ গুনগুনৰ লগত সকলোৱে পৰিচিত সেয়ে ইয়াৰ সমাদৰ আছে ,আছিল আৰু ভৱিষ্যতেও থাকিব ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GnG8zO
via IFTTT

Comments