মাঘ বিহুৰ উৰুকাত কেনে যাব আপোনাৰ দিনটো; চাওক ৰাশিফল

বৃহস্পতিবাৰ, ১৩ জানুৱাৰী

মেষ ৰাশি-আজি আপুনি কিছুমান ব্যয়ৰ সন্মুখীন হ’ব। আজি আপুনি কাৰোবাৰ সৈতে আপোনাৰ মনৰ কথা ভাগ বতৰা কৰোতে ভাবি চিন্তি কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ বিষয়ে অলপ চিন্তিত হ’ব।

বৃষ ৰাশি-আজি আপোনাৰ কৰ্মস্থান শুভ। মন প্ৰফুল্লিত থাকিব। আজি আপুনি আপোনাৰ ব্যৱসায়িক কৰি আগবাঢ়িব পাৰে।

মিথুন ৰাশি-কামত ভাল ফলাফল লাভ। শিক্ষাৰ্থীৰ শুভ। বিবাহৰ কথা-বতৰা চলিব পাৰে। বন্ধুৰ সৈতে সাক্ষাৎ।

কৰ্কট ৰাশি-আজি আপুনি ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্য্যত জড়িত হ’ব। আনক সহায় কৰক। মাতৃৰ সৈতে সম্পৰ্ক মধুৰ হব।

সিংহ ৰাশি- আজি আপোনাৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা। বাহিৰৰ খাদ্য পৰিহাৰ কৰিব। ব্যৱসায়িক সমস্যাৰ সমাধান। সন্তানৰ পৰা হতাশা। আজি ভৱিষ্যতৰ সিদ্ধান্ত লওঁতে ভাবি-চিন্তি ল’ব। যদি আপুনি আজি কৰবাত বিনিয়োগ কৰে তেন্তে লাভান্বিত হ’ব।

কন্যা ৰাশি- আজি আপোনাৰ বৈবাহিক জীৱন সুখৰ হ’ব। ভ্ৰমণত বাধা। যিসকলে নিযুক্তিৰ দিশত চেষ্টা কৰি আছে তেওঁলোকে উন্নত সুযোগ পাব।

তুলা ৰাশি-আজি আপুনি আনৰ পৰা কিবা কথাত আঘাত পাব পাৰে। শত্ৰু বাঢ়িব পাৰে। সকলো কাম ধৈৰ্য্যসহকাৰে কৰিব।

বৃশ্চিক ৰাশি-আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ বাবে শুভ। প্ৰেমত শুভ। আপোনাৰ ব্যৱসায় দিশত শুভ।

ধনু ৰাশি-পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত। নতুন বাহন ক্ৰয়ৰ যোগ। প্ৰভাৱশালী লোকক লগ পোৱাৰ সম্ভাৱনা। কৰ্মৰত লোকসকলে আজি কামৰ ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্কত লিপ্ত হোৱাটো এৰাই চলা ভাল।

মকৰ ৰাশি- আজি আপোনাৰ সাহস বৃদ্ধি হ’ব। আজিৰ দিনটো শিক্ষাৰ্থীসকলৰ শুভ। ভাতৃ-ভগ্নীৰ ভাল সম্পৰ্ক বৰ্তি থাকিব। কোনোবাই আপোনাক ভুল পৰামৰ্শ দিব পাৰে। সেয়েহে আজি আপুনি আপোনাৰ সিদ্ধান্ত কাকো নজনাব।

কুম্ভ ৰাশি-আজিৰ দিনটো অতি ফলপ্ৰসূ হ’ব। আজি আপুনি আপোনাৰ ব্যৱসায় সম্পৰ্কীয় সমস্যাবোৰ সহজে সমাধান কৰিবলৈ সক্ষম হ’ব। আজি যিকোনো কথাত আপোনাৰ মন বিচলিত হব পাৰে।

মীন ৰাশি-আজি আপুনি আপোনাৰ ভৱিষ্যৎ উন্নত হোৱাৰ যোগ। আজি আপুনি আপোনাৰ কামত প্ৰশংসা লাভ কৰিব। যদি আপোনাৰ বিবাহত থকা বাধা আঁতৰিব। আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম হাতত ল’ব পাৰে।

The post মাঘ বিহুৰ উৰুকাত কেনে যাব আপোনাৰ দিনটো; চাওক ৰাশিফল appeared first on Prag News.



from Prag News https://ift.tt/3A1Z1pO
via IFTTT

Comments