মেজিৰ জুইত নাশ হওঁক মাৰি মৰক-অপায় অমংগল….

ডিজিটেল ডেস্কঃ মেজিৰ জুইতে জাহ যাওঁক সকলো মাৰি মৰক-অপায় অমংগল এইয়াই আজিৰ দিনটোত অসমবাসীৰ আশা। উৰুকাৰ নিশা তৃপ্তিৰে লগে-ভাগে এসাজ ৰান্ধি খাই পুৱা মেজিৰ জুইৰ তাপ ল’লে অসমীয়াই। বিভিন্নস্থানত ৰাইজে সমূহীয়াকৈ মেজিৰ জুইত তাপ লৈ অগ্নিক সেৱা কৰিলে। বিভিন্ন স্থানত আকৌ ৰাইজে নাম-প্ৰসংগৰে দোমাহীৰ দিনটোত ঈশ্বৰক স্মৰণ কৰিছে।
বিগত ২ টা বছৰ কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ লগতে অসমটো জটিল পৰিস্থিতিৰ সূচনা হৈছিল। এই কোভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ প্ৰভাৱ প্ৰতিজন অসমীয়াৰ মাজত পৰিছিল। সেয়েহে কোভিডৰ এই পৰিস্থিতিৰ পৰা উপশম পাবলৈ অসমীয়াই অগ্নিক সেৱা কৰি প্ৰাৰ্থনা কৰিছে।
আনহাতে মাঘৰ বিহুৰ এই দোমাহীৰ লগত সংগতি ৰাখিয়েই বিভিন্ন স্থানত পৰম্পৰা অনুসৰি অনুষ্ঠিত হ’ব বিভিন্ন খেল ধেমালি। অৱশ্য কোভিডৰ বাবে চৰকাৰে জাৰি কৰা এছ অ’ পি অনুসৰি বিভিন্ন স্থানত ঐতিহাসিক পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈ অহা বহু প্ৰতিযোগিতাই অনুষ্ঠিত নহ’ব।এনেধৰণৰ পৰম্পৰাগত খেল হ’ল মৰিগাওঁ জিলাৰ আহতগুৰিৰ ম’হযুজঁ। এই ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখন কোভিডৰ বাবেই বাতিল কৰা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3GuqHpt
via IFTTT
Comments
Post a Comment