কেন্দ্ৰৰে অন্তিম সমাধান চুক্তি বিলম্ব হোৱাৰ পৰিণতিঃ চীন ম্যানমাৰ সীমান্তত পুনৰ সংগঠিত হোৱাৰ চেষ্টা উত্তৰ পূবৰ বিদ্ৰোহী গোটৰ…

ডিজিটেল সংবাদ ৱাখাঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক্ট ইষ্ট পলিচিৰ বাবে দেশৰ নিৰাপত্তা দৃষ্টিকোণৰ অতিকৈ গুৰুত্বপূৰ্ণ উত্তৰ পূৰ্বাঞ্চললৈ শান্তি উভতি অহা বুলি কেন্দ্ৰীয় চৰকাৰে দাবী কৰিলেও প্ৰকৃততে বিদ্ৰোহী গোটৰ সৈতে স্বাক্ষৰিত চুক্তিৰ অন্তিম সমাধানত বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ চীন ম্যানমাৰৰ গোপন শিবিৰত সংগঠিত হোৱা বুলি ব্যাপক চৰ্চা চলিছে । নিৰাপত্তা বিশেষজ্ঞসকলৰ ধাৰণা মতে বিগত কিছুমাহৰ পৰা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ মণিপুৰত সংঘটিত কেতবোৰ বিদ্ৰোহাত্মক কাৰ্যকলাপ আৰু সামৰিক বাহিনীৰ ওপৰত বিদ্ৰোহীৰ সঘন আক্ৰমণৰ ঘটনাই এই কথাৰে ইংগিত বহন কৰিছে ।
উল্লেখযোগ্য যে নগা বিদ্ৰোহী সৈতে ভাৰত চৰকাৰৰ শান্তি আলোচনা অব্যাহত থকাৰ মাজতে, পৰেশ বৰুৱাৰ একপক্ষীয় যুদ্ধ বিৰতি আৰু সমাগত মণিপুৰ নিৰ্বাচনৰ প্ৰাকঃমুহূৰ্তত পুনৰ বিদ্ৰোহীৰ হিংসাত্মক কাৰ্যই উত্তৰ পূৰ্বৰ বিদ্ৰোহী সংগঠিত হোৱাৰ কথাকে স্পষ্ট কৰিছে ।
উল্লেখযোগ্য যে যোৱা বছৰত ম্যানমাৰত সামৰিক বাহিনীৰ অভ্যুত্থানৰ পিছত দেশখনৰ বিভিন্ন প্ৰদেশৰ নৃগোষ্ঠীয় বিদ্ৰোহী গোটৰ সৈতে জুণ্টাৰ চৰকাৰৰ গৃহযুদ্ধ আৰু ৰাজনৈতিক অস্থিৰতাৰ সুযোগ গ্ৰহণ কৰি উত্তৰ পূবৰ বিদ্ৰোহীসকলে উত্তৰ ম্যানমাৰ চীন সীমান্তত পুনৰ সংগঠিত হ’বলৈ চেষ্টা কৰা বুলি চোৰাংচোৱা সংস্থাসমূহে ধাৰণা কৰিছে । চীনৰ ইউনান প্ৰদেশৰ ৰুইলি আৰু কুমিঙ প্ৰদেশৰ সৈতে একাংশ উত্তৰ পূৰ্বৰ বিদ্ৰোহী নেতাৰ ঘণিষ্ঠ যোগাযোগ থকা বুলি চোৰাংচোৱাই তথ্য লাভ কৰাৰ পুনৰ বিষয়টো চৰ্চালৈ আহিছে ।
কিয়নো বিগত কিছু দিনৰ পৰা মণিপুৰৰ ম্যানমাৰ সীমান্তত বিদ্ৰোহী আক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । সমাগত মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিদ্ৰোহীৰ এনে আক্ৰমণ কেন্দ্ৰীয় চৰকাৰক উদিগ্ন কৰি তুলিছে । অতি শেহতীয়াকৈ এক পক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰা পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা স্বাধীনত উজনি অসমৰ বহু যুৱক- যুৱতী গোপনে যোগদান কৰা , নাগালেণ্ডৰ মন জিলাৰ অটিঙত সেনাৰ ভুৱা এম্বুশত ১৪ গৰাকী নিৰীহ নাগৰিকৰ নিহত হোৱা মৰ্মান্তিক ঘটনা আৰু মণিপুৰত সেনাৰ ওপৰত কৰা সঘন আক্ৰমণে কিন্তু উত্তৰ পূৰ্বৰ বিদ্ৰোহীসকল পুনৰ শক্তিশালী ৰূপত সংগঠিত হোৱাৰ ইংগিত বহন কৰিছে ।
স্মৰ্তব্য যে ২০১৯ চনৰ ৩১ অক্টোবৰত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইছাক মুইভা গোটৰ ভাৰত চৰকাৰৰ সৈতে পৃথক পতাকা আৰু সংবিধান বিষয় দুটা নিস্পত্তি কৰাত ব্যৰ্থ হোৱাৰ পিছতে নগা আৰ্মি পূৰ্বৰ সেনাধ্যক্ষ ফুন্থিঙ ছিমৰাঙ আৰু প্ৰায় এহেজাৰ কেডাৰ কেম্প হেব্ৰনৰ পৰা অন্তৰ্ধান হোৱা খবৰ প্ৰচাৰ হৈছিল । বৰ্তমানেও ফুন্থিঙ ছিমৰাঙৰ কোনো সন্ধান লাভ কৰা নাই চোৰাংচোৱাই ।
জানিব পৰামতে কেইবা দশকৰ জোৰা উত্তৰ পূৰ্বৰ বিদ্ৰোহী সমস্যাৰ ৰাজনৈতিক সমাধানৰ বাবে চৰকাৰে যুদ্ধ বিৰতি বাবে শান্তি চুক্তি স্বাক্ষৰ কৰিলেও বিগত বিশ -পঁশিচ বছৰ ধৰি অন্তিম সমাধান নকৰি বিলম্ব কৰাৰ বাবে নগা বিদ্ৰোহী গোটসমূহৰ ধৈৰ্য্য হেৰাই গৈছে । বহু প্ৰতীক্ষিত অন্তিম সমাধানত স্থবিৰ হৈ পৰাত সম্প্ৰতি ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন আই এমৰ অন্তিম নগা চুক্তি অনিশ্চয়তা হৈ পৰিছে । যাৰ নগা বিদ্ৰোহী গোটকে ধৰি মণিপুৰী আলফা স্বাধীন গোটে পুনৰ উত্তৰ ম্যানমাৰৰ চীন সীমান্তত একত্ৰিত হৈ নিজৰ সংগঠনক শক্তিশালী কৰাৰ ৰণকৌশলত ব্যস্ত হৈ পৰিছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/34Gclo1
via IFTTT
Comments
Post a Comment