উত্তৰ প্ৰদেশৰ বিজেপিত পদত্যাগৰ ঢৌঃ পুনৰ পদত্যাগ আন এজন বিধায়কৰ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ বিজেপিত পুনৰ মুখ্যম আঘাত। ৩ দিনত কবিনেট মন্ত্ৰী, বিধায়ককে ধৰি মুঠ ৭ জনে ত্যাগ কৰিলে বিজেপি। অতি শেহতীয়াকৈ শিকোহাবাদৰ উত্তৰ প্ৰদেশৰ বিধায়ক মুকেশ বাৰ্মাই পদত্যাগ কৰিছে। দাৰা সিং আৰু স্বামী প্ৰসাদ মৌৰ্যৰ দৰে মুকেশ বাৰ্মাই বিজেপিৰ বিৰুদ্ধে উত্থাপিত কৰিছ গুৰুতৰ অভিযোগ। তেওঁলোকৰ মতে ৰাজ্যখনত বিজেপি চৰকাৰে দলিত, পিছপৰা আৰু সংখ্যালঘুসকলক উপেক্ষা কৰিছে।

উল্লেখ্য যে যোৱা ৩ টা দিনত ৰাজ্যখনত বিজেপি ত্যাগৰ ঢৌ উঠিছে। উল্লেখ্য যে বিজেপি নেতা তথা উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্যই বিজেপিৰ পৰা পদত্যাগ কৰি চাঞ্চল্যৰ সৃষ্টিকৰিছিল। ইয়াৰ পিছতে তেওঁৰ পিছে পিছে বিধায়ক অৱতাৰ সিং ভাদানা, তিন্দৱাৰীৰ বিধায়ক ব্ৰজেশ প্ৰজাপতি, তিলহাৰৰ ৰোশন লাল বাৰ্মা বিলহাউৰৰ ভাগৱতী সাগৰ, বিধুনাৰ বিনয় কুমাৰ চনিয়াই পদত্যাগ কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3Godqi9
via IFTTT

Comments