বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাঃ বিশেষ ৰে’লেৰে অসমলৈ ২৯০ যাত্ৰী, অসম আৰক্ষীৰ তৎপৰতা…

- নিউ জলপাইগুৰিত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে তৎপৰতা অসম আৰক্ষীৰ।
- নিশাই দুৰ্ঘটনাস্থলীত অসম আৰক্ষীৰ দল।
- বিশেষ ৰে’লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ ২৯০ জনকৈ যাত্ৰীক।
- আনহাতে গুৱাহাটীৰ ৰে’লষ্টেচনত সাজু হৈ আছে কেইবাখনো বাছ।
- বিশেষ ৰে’লেৰে গুৱাহাটীলৈ লৈ অনা যাত্ৰীসকলক গুৱাহাটীৰ পৰা লৈ যোৱা হ’ব বিভিন্ন স্থানলৈ।
- আনহাতে বিশেষ ৰে’লেৰে গুৱাহাটীলৈ অহা ২৯০ জন যাত্ৰীৰ মাজত বহু কেইজন আহতও আছে।
- অসম আৰক্ষীয়ে গুৱাহাটীত এই আহত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব।
- বৃহস্পতিবাৰে লাইনচ্যুত হৈছিল প্ৰায় ১০ টা ডবা।
- গুৱাহাটী অভিমুখী ৰে’লখন সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
- দুৰ্ঘটনাৰ ফলত ৭ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৪৫ জনৰো অধিক লোক আহত হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3I3Lq41
via IFTTT
Comments
Post a Comment