এম ভি আই হোমেন দাসৰ বাসগৃহ নহয় যেন সুৰাৰ গুদাম হেঃ আৰক্ষীৰ অভিযানত জব্দ কাৰ্টোনে কাৰ্টোনে সুৰা আৰু এটা পিষ্টল….

ডিজিটেল ডেস্কঃ নগাঁও পৰিবহণ বিভাগৰ এম ভি আই হোমেন দাসক দুৰ্নীতিৰ অভিযোগত নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কাৰ্যালয়ৰ পৰাই আটক কৰাৰ পিছতে পোহৰলৈ আহিছে হোমেন দাসৰ এটাৰ পিছত আন এটা বিতৰ্কিত কৰ্ম-কাণ্ড। মঙ্গলবাৰে সন্ধিয়া হোমেন দাসৰ নগাঁৱৰ হয়বৰগাঁৱত থকা ফ্লেটত আৰক্ষীয়ে অভিযান চলোৱাৰ পিছত নিশা গুৱাহাটীৰ বাসগৃহত চলে আৰক্ষীৰ অভিযান।
এই অভিযানৰ সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু বিতৰ্কিত সামগ্ৰী। গুৱাহাটীৰ বেলতলাৰ আগষ্টক্ৰান্তি পথত থকা হোমেন দাসৰ বাসগৃহত আৰক্ষীয়ে তালাচী চলাই এটা পিষ্টলসহ বহু সুৰাৰ বটল উদ্ধাৰ কৰিছে। নিশা ২ বজাৰ পৰা পুৱা ৬-৩০ বজালৈ চলা এই তালাচীৰ সময়ছোৱাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ৫০ হাজাৰ টকাসহ বহু আপত্তিজনক নঠি-পত্ৰ।
জানিব পৰা মতে মহানগীৰৰ আন কেইবাটাও স্থানৰ বাসগৃহত চলিব আৰক্ষীৰ অভিযান। উল্লেখ্য যে হোমেন দাসৰ গুৱাহাটীৰ বাসগৃহত যিটো পিষ্টল উদ্ধাৰ হৈছে সেই পিষ্টলৰ অনুজ্ঞাপত্ৰ হোমেন দাসে আৰক্ষীক দেখুৱাব পৰা নাই। আনহাতে তেওঁৰ বাসগৃহত উদ্ধাৰ হোৱা সুৰাক লৈও সৃষ্টি হৈছে চাঞ্চল্য। কিয়নো তেওঁৰ বাসগৃহত উদ্ধাৰ হোৱা সুৰাৰ পৰিমাণ দেখি আৰক্ষীৰ চকু কপালত উঠিছে। কাৰ্টোনে কাৰ্টোনে উদ্ধাৰ হোৱা এই সুৰা কিয় তেওঁৰ ঘৰত ৰাখিছিল সেই বিষয়েও জানিব পৰা নাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3K5ltD2
via IFTTT
Comments
Post a Comment