মঙলদৈত গৃহ নিৰ্মাণ পৰিষদৰ অট্টালিকাৰ পৰা চোৰে লুটিলে ৩২ খনকৈ ফেন, বৈদ্যুতিক তাৰ…

ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলাৰ মঙলদৈ নগৰৰ মাজমজিয়াত এইবাৰ চৰকাৰী সম্পত্তি লুটিলে চোৰে । গৃহস্থৰ ঘৰত চোৰ কৰি সন্তুষ্ট নোহোৱা চোৰৰ চকু এইবাৰ চৰকাৰী সা-সম্পত্তিৰ ওপৰত । ঘটনাৰ বিৱৰণী অনুসৰি মঙলদৈ নগৰৰ গাতে লাগি থকা ২ নং ৱাৰ্ডৰ মেজিষ্ট্ৰেট কলনিত থকা অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ বিশাল অট্টালিকাৰ পৰা চোৰে বহু মূল্যবান সা-সামগ্ৰী লুটি নিয়ে ।

ব্যৱহাৰ  নোহোৱাকৈ  থকা অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ  চাৰিমহলীয়া ভাৰাতীয়া আবাস গৃহৰ পৰা চোৰে লুটি লৈ যায় বিদ্যুৎ পৰিবাহী তাৰ,  ৩২ খনকৈ ফেন,  ৮ টা মিটাৰ,  পেনেলবৰ্ডৰ সা-সামগ্ৰী আৰু কোঠাৰ বৈদ্যুতিক ওৱেৰিং খুলি লৈ যায় বহু পৰিমাণৰ বৈদ্যুতিক পৰিবাহী তাৰ । 

উল্লেখযোগ্য যে অসম ৰাজ্যিক গৃহ নিৰ্মাণ বিভাগে  দৰিদ্ৰ সীমাৰেখাৰ তলৰ  কৰ্মচাৰীক সকাহ দিয়াৰ বাবেই ২০১৭ চনতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল এই চাৰিমহলীয়া অট্টালিকাৰ । অভিযোগ অনুসৰি চৰকাৰী হেমাহিৰ বাবে  আজি পৰ্যন্ত  গৃহসমূহ আবন্টন দিয়া হোৱা নাছিল ।  এই অট্টালিকা সমূহ নিৰ্মাণ হলেও অৰ্থনৈতিক ভাৱে পিছপৰা লোক সকল এই চৰকাৰী সুবিধাৰ পৰা বঞ্চিত  হৈয়েই আছে বুলি অভিযোগত প্ৰকাশ  ।

জানিব পৰা মতে চোৰে  নিৰ্মিয়মান এ ব্লকৰ  ১৬ টাকৈ কোঠাত অভিযান চলাই মূল্যবান সা সামগ্ৰী সমূহ লৈ  উধাও হয় । ইপিনে বিশাল অট্টালিকাৰ পৰা চোৰে নিৰ্বিঘ্নে চৰকাৰী সা-সম্পত্তি চুৰি কৰি নিয়া ঘটনাই চৰকাৰী নিৰাপত্তাৰ ফোপোলা স্বৰূপ টো  উদঙাই দিয়া বুলিও সচেতন ৰাইজৰ মাজত চৰ্চা চলিছে । 



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3fdrgbx
via IFTTT

Comments