পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি গুলীবিদ্ধ ড্ৰাগছ মাফিয়া…

  • পুনৰ অসম আৰক্ষীৰ ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা।
  • এইবাৰ গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে চলালে গুলী।
  • আৰক্ষীত গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া তাছেৰ আলী।
  • গুলীবিদ্ধ তাছেৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল আধা কেজি ওজনৰ ড্ৰাগছ।
  • সোমবাৰে গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তাছেৰক।
  • নিশা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন আন লোকৰ ঘৰ দেখুৱাই দিবলৈ যোৱাৰ সময়তে তাছেৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল।
  • ইয়াৰ পিছতে আৰক্ষীয়ে তাছেৰক লক্ষ্য কৰি গুলী কৰিবলৈ বাধ্য হয় বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
  • বৰ্তমান গুলীবিদ্ধ তাছেৰ জি এম চি এইছত চিকিৎসাধীন হৈ আছে।


from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/32JVtfz
via IFTTT

Comments