নৱবৰ্ষৰ পহিলা দিনটোত গুৰু জনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ আগমন ঘটিছে ভক্ত বৈষ্ণৱৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ২০২২ বৰ্ষৰ প্ৰথমটো পুৱাতে গুৰু জনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত আশীষ লাভৰ অৰ্থে তীৰ্থযাত্ৰী দৰ্শনাৰ্থীৰ আগমন ঘটিছে। নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই সকলোৰে কুশল মঙ্গল হয়, তাৰেই মনো কামনাৰে ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰাণৰ আগমন হৈছে।
ইফালে ইংৰাজী নববৰ্ষৰ পহিলা পুৱা বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰী, দৰ্শনাৰ্থী সকলক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে অসম বাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰি নববৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীয়ে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/346naPX
via IFTTT
Comments
Post a Comment