নতুন শিক্ষা নীতি আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সহযোগী অধ্যাপক…

ডিডিটেল ডেস্ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অশালীন মন্তব্য আৰু চৰকাৰী নীতিৰ সমালোচনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় হাইলাকান্দিৰ এখন মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক।

অধ্যাপকজনৰ বিৰুদ্ধে এটা চুও মোটো গোচৰ ৰুজু কৰা হয় যাৰ পিছত, তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

ঘটনাৰ বিৱৰণী অনুসৰি, অভিযুক্তজনে জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী ইমেইল একাউণ্টলৈ চৰকাৰী নীতিক গৰিহণা দি লগতে বৰ্তমান চলি থকা গুণোৎসৱক সমালোচনা কৰি ইমেইল প্ৰেৰণ কৰিছিল । লগতে মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ নতুন শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধেও মন্তব্য কৰিছিল।

হাইলাকান্দি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম্পি দাওলাগুপুয়ে কয় যে তেওঁ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ আৰু ৰাজ্যখনত চলি থকা ‘গুনোৎসৱ’ক সমালোচনা কৰিছিল। এছপিলৈ ইমেইলৰ উপৰিও, তেওঁ জিলাখনৰ আন চৰকাৰী বিষয়াসকললৈও একে ধৰণৰ ইমেইল প্ৰেৰণ কৰিছিল,” তেওঁ লগতে কয়।

উল্লেখ্য যে, বৃহস্পতিবাৰে অভিযুক্তক সোধা-পোছা আৰম্ভ কৰে আৰু অৱশেষত তেওঁক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইফালে, মহাবিদ্যালয়খনৰ অধ্যক্ষই দাবী কৰে যে তেওঁ সহযোগী অধ্যাপকজনৰ গ্ৰেপ্তাৰৰ বিষয়ে অজ্ঞাত।

আৰু পঢ়ক: প্ৰায় ১লাখ টকাত বিক্ৰী নিজ কন্যাক! আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী বৃহৎ চক্র…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/7Lr48Zh
via IFTTT

Comments