টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, ৰাইজৰ দানেৰে প্ৰতিষ্ঠা কৰিব চ্যুকাফা প্ৰতিমূৰ্তি….

ডিজিটেল সংবাদ , ঢকুৱাখনা : মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা তাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চ্যুকাফাৰ এক আৱক্ষ মূৰ্তি ঢকুৱাখনাত প্ৰতিষ্ঠা হব । অৱশ্যে কোনোধৰণৰ চৰকাৰী আঁচনিৰ পুঁজিৰে  এই আৱক্ষ মূৰ্তি নিৰ্মিত আৰু স্থাপিত নহয় । 

তাই আহোম জনগোষ্ঠীৰ শুভানুধ্যায়ী ব্যক্তি সকলে সাধ্যনুসৰি আগবঢ়োৱা অৰ্থানুদানেৰে ঢকুৱাখনাত এই মূৰ্তি ভাগ নিৰ্মাণ আৰু স্থাপন কৰা হব । ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ শনিবাৰে অনুষ্ঠিত এখন ৰাজহুৱা সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে।  বিকাশ কেন্দ্ৰ প্ৰাংগণত শনিবাৰে দুপৰীয়া অনুষ্ঠিত ৰাজহুৱা সভাত সভাপতিত্ব কৰে বিকাশ কেন্দ্ৰৰ সভাপতি চাও জিতেন গগৈয়ে ।

ঢকুৱাখনা মহকুমাৰ তাই আহোম জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক ব্যক্তি উপস্থিত থকা ৰাজহুৱা সভাত কোষেশ্বৰ চমুৱা , বীৰেন সন্দিকৈ , ভদ্ৰ গগৈ, মঞ্জু গগৈ আদি বিভিন্নজনে বক্তব্য ৰাখি এই মহান প্ৰয়াসৰ শলাগ লয় আৰু মতামত প্ৰকাশ কৰে  ।

মহঘুলি চাপৰিৰ  বিকাশ কেন্দ্ৰৰ নিজা ভূ খণ্ডত স্থাপিত হব লগা এই আৱক্ষ মূৰ্তি ভাগ নিৰ্মাণৰ হেতু  দেবেন গগৈক সভাপতি ,হেমন্ত গগৈক সম্পাদক ,শান্তনু গগৈ আৰু গণেশ চমুৱাক সহকাৰী সম্পাদক হিচাবে লৈ এখন ২২ জনীয়া নিৰ্মান সমিতি গঠন কৰা হয় ৰাজহুৱা সভাত।

বিকাশ কেন্দ্ৰৰ সম্পাদক হিতেশ ফুকনে জানিবলৈ দিয়া মতে অহা ২ ডিচেম্বৰৰ ‘অসম দিৱস’ৰ দিনা এই আৱক্ষ মূৰ্তি ভাগ শুভ উন্মোচন কৰাৰ মনস্থ কৰা বুলি জানিবলৈ দি স্বগোষ্ঠীয় ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/GHmBTLy
via IFTTT

Comments