এফালে বানাক্ৰান্তৰ চকুলো আনফালে জেঠত ৰঙালী উৎসৱৰ নামত মচগুল…

ডিজিটেল সংবাদ নগাঁও : বানত হাহাকাৰ নগাঁৱৰ সৰ্বসাধাৰণৰ ৷ সপোনৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত অগনন লোক ৷ বৃদ্ধৰ পৰা আৰম্ভ কৰি শিশুলৈকে বানৰ কবলত পৰি হাহাকাৰ কৰিব লগা হৈছে ৷ জিলাখনৰ ৩ লাখ ৩৯ হাজাৰ লোক ৪২৭ লোক বানৰ কবলত পৰিছে ৷ নগাঁও সদৰ চক্ৰতে শনিবাৰৰ দিনটোত প্ৰায় ৩০ হাজাৰ লোক বানত আক্ৰান্ত হৈছে ৷ ৬০ হাজাৰৰো অধিক শিশু বানৰ কবলত পৰিছে ৷ চৌদিশে এটুপি পানীৰ বাবে হাহাকাৰ ৷

জিলাখনত যি সময়ত বানৰ কবলত পৰি ৩.৩৯ লাখ লোকে হাহাকাৰ কৰিছে সেই সময়ত চহৰখনৰ একাংশ লোক আবতৰীয়া বিহুক লৈ মচগুল হৈ পৰিছে ৷ এফালে বানাক্ৰান্তৰ চকুলো আনফালে একাংশ লোকৰ আৱতৰীয়া বিহুৰ নামত ৰং তামাচা ৷

নগাঁও চহৰৰ পানীগাঁৱত একাংশ লোকক দেখা গ’ল ৰং-তামাচাত ব্যস্ত ৷ পানীগাঁও চাৰিআলিত মঞ্চ সাজি জেঠত ৰঙালী উৎসৱ নামেৰে আনন্দত মতলীয়া হয় নগাঁও পানীগাঁও চাৰিআলি সমন্বয় মহিলা সমিতি ৷ দিনজোৰা কাৰ্যসূচীৰে ৰঙালী উৎসৱটি অনুষ্ঠিত হৈছে ৷ আয়োজকে বিহু পতাৰ লগতে মঞ্চ ভৰি দৰ্শৰে অনুষ্ঠান উপভোগো কৰিছে ৷

এই বিহু অনুষ্ঠানক লৈ নগাঁৱত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷ বানত কামপুৰ, ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ এলেকাত বুৰ গৈ থকাৰ পিছত একাংশই এনেদৰে আৱতৰীয়া বিহু পতাক লৈ অসন্তোষ্টি প্ৰকাশ কৰিছে ৷



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/pwYECS9
via IFTTT

Comments