মথুৰাপুৰ আৰক্ষী থানাৰ উদ্যোগত সজাগতা সভা…

ডিজিটেল সংবাদ,মথুৰাপুৰঃ চৰাইদেউ জিলাৰ অধীনস্থ মথুৰাপুৰ আৰক্ষী থানাৰ উদ্যোগত আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত চৰাইদেউ মৈদাম থলীৰ প্ৰেক্ষাগৃহত এখনি সজাগতা সভা দেওবাৰে সম্পন্ন হৈ যায় ৷সভাত মথুৰাপুৰ থানা এলেকাৰ আৰক্ষী চকী,নামঘৰ আৰু মন্দিৰ পৰিচালনা সমিতি সভাপতি আৰু সম্পাদক সকলক গাঁওৰক্ষীক বাহিনীৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে ৷
সভাত বৰ্তমান আইন শৃংখলতা, সামাজিক দায়িত্ববোধ, মাদক দ্ৰব্য, ড্ৰাগছ্ ভাং আদি নিচাজাতীয় সামগ্ৰী পৰা সমাজখনক মুক্ত কৰি এখন সুস্থ সৱল সমাজ গঢ় দিয়া সম্পৰ্কে আলোচনা কৰা হয় ৷
উক্ত সজাগতা সভাত মথুৰাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ বৰা, টেঙাপুখুৰী আৰক্ষী চকীৰ বিষয়া অজিৎ চেতিয়া, গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক শত্ৰুঘ গোৱালা , মথুৰাপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ময়ুৰতৃষ্ণা ৰাজবংশী, দ’লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা টেঙাপুখুৰী কুকুৰাচোৱা নামঘৰৰ সভাপতি ললিত গগৈয়ে সমলব্যক্তি হিচাপে উপস্থিত থাকে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/j2bcVpr
via IFTTT
Comments
Post a Comment