হাতত পেট্ৰ’ল আনি থানা জ্বলাইছিল মহিলাই : লক্ষ্য আছিল নেকি চাৰ্জচিট, কেচডায়েৰী আৰু অস্ত্ৰ-শস্ত্ৰ ?

ডিজিটেল সংবাদ নগাঁও: বটদ্ৰবা আৰক্ষী থান জ্বলাবলৈ এগৰাকী মহিলাই ইন্ধন আৰু দিয়াচলাই লগত লৈ আহিছিল ৷ মহিলাগৰাকীয়ে থানা চৌহদলৈ আহি পুৰণি গৃহৰ সন্মূখত ৰৈছিল ৷ ঢালি দিছিল ইন্ধন আৰু হাতত থকা দিয়াচলায়ে অগ্নিসংযোগ কৰি মহিলাগৰাকী আঁতৰি গৈছিল ৷
ছফিকুল ইছলাম নামৰ এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে বটদ্ৰবা থানা চৌহদত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় ৷ শুকুৰবাৰে নিশা ধিঙৰ ছফিকুলক বটদ্ৰবাৰ আৰক্ষীয়ে আটক কৰিছিল ৷ নগাঁও আৰক্ষীৰ মতে পথত মদ খাই পৰি থকা অৱস্হাত ব্যক্তিজনক উঠাই অনা হৈছিল ৷ পৰিয়ালৰ লোক দিনত থানালৈ আহিছিল ৷ পৰিয়ালৰ লোকে থানাৰ চৌহদত ঘৰৰ পৰা অনা খাদ্য ছফিকুলক খুৱাইছিল ৷
পৰিয়ালৰ দাবী আৰক্ষীয়ে ছফিকুলৰ মুক্তিৰ বিনিময়ত হাঁহ আৰু নগদ ১০ হাজাৰ টকা দাবী কৰিছিল ৷ ধন নিদিয়াৰ বাবে ছফিকুলক মাৰধৰ কৰিছিল আৰু পিছত মৃত্যু হৈছিল ৷ ইফালে আৰক্ষীৰ এক সুত্ৰ মতে পৰিয়ালৰ লোকে খাদ্য খুওৱাৰ পিছতে ব্যক্তিজন অসুস্হ হৈ পৰিছিল ৷
ছফিকুল ইছলামৰ মৃত্যুৰ পিছতে শ শ লোক থানা চৌহদত উপস্হিত হয় ৷ প্ৰথমে নতুন ভৱনটোৰ দুৱাৰ, খিৰীকি আদি ভাঙি বিধস্ত কৰে ৷ প্লাষ্টিকৰ চকী আদি ভাঙি পেলোৱাৰ লগতে থানাৰ ভিতৰত থকা আচবাব নথিপত্ৰ আদি লণ্ডভণ্ড কৰে ৷ আক্ৰমন কাৰী দলটোয়ে থানাৰ ভিতৰৰ পৰা আৰক্ষীৰ লোকক চোচৰাই আনি গুৰুলাগুৰুলকৈ মাৰপিট কৰে ৷
আক্ৰমনৰ ঘটনাটো ইমান আচম্বিতে সংঘটিত হয় যে থানাখনত সেই সময়ত থকা আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ সময়কে নাপালে ৷ এ এছ আই অনিল দাস, কনিষ্টবল নুৰ ইছলাম, আবুল হুছেইন আৰু গৃহৰক্ষী বাহিনীৰ জোৱান আনোৱাৰ হুছেইনক থানাৰ কোঠাৰ পৰা আনি মাৰপিট কৰিছিল ৷
ইয়াৰ মাজতে এগৰাকী মহিলাই প্ৰথমে থানাত অগ্নিসংযোগ কৰে ৷ ইয়াৰ পিছতে থানাৰ চৰকাৰী অস্ত্ৰ শস্ত্ৰ সমূহক লক্ষ্য কৰি জুই লগাই ৷ লগতে থানাখনত থকা চাৰ্জচিট , কেচডায়েৰী মজুত থকা স্হানক লক্ষ্য কৰি অগ্নিসংযোগ কৰে ৷
ধিঙৰ এজন লোকৰ মৃত্যুৰ ঘটনাক লৈ বৰদোৱা থানা প্ৰায় দুহেজাৰ লোকে আক্ৰমন কৰি জ্বলাই দিয়া ঘটনাৰে দুস্কৃতিকাৰী জড়িত থকা উমান পাইছে তদন্তকাৰী আৰক্ষীয়ে ৷ চাঞ্চল্যকৰ বিষয় এই যে ধিঙৰ পৰা বৃহৎ সংখ্যক লোক আহি বটদ্ৰবা থানা জ্বলোৱা নাছিল ৷
এই ঘটনাৰে বটদ্ৰবাৰ লোকো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এখন থানাৰ চৌহদত বৃহৎ সংখ্যক লোক সমবেত হৈ থানা জ্বলাই দিয়া কাৰ্য আৰক্ষীৰ ব্যৰ্থতাকে সূচাইছে ৷ ব্যৰ্থতাৰ বাবে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈক নিলম্বিত কৰিছে আৰক্ষী অধিক্ষকে ৷
উল্লেখ্য এই যে বটদ্ৰবা থানা এলেকাত সঘনে আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত্ব কৰি আহিছিল ৷ সিমানে নহয় আৰক্ষীয়ে থানাৰ এলেকাত একাধিক ড্ৰাগছ ব্যৱসায়ীক এনকাউন্টাৰ সংঘটিত কৰিব লগা পৰিবেশৰো সৃষ্টি হৈছে ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্ম আৰু কৰ্মভূমি হৈছে বটদ্ৰবা ৷ বটদ্ৰবা থানৰ ভূমি ব্যাপক বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছিল বটদ্ৰবা আৰক্ষী থানাই ৷ শনিবাৰে আৰক্ষী থানাখনত অগ্নি সংযোগ কৰি অস্ত্ৰ শস্ত্ৰ থকা স্হান , চাৰ্জচিট , কেচডায়েৰী আদি থকা স্হান জ্বলাই দিয়া ঘটনাই সমগ্ৰ ঘটনাটো ৰহস্যৰ সৃষ্টি কৰিছে ৷
নিশা ডি আই জি সত্যৰাজ হাজৰিকা বটদ্ৰবা থানাত উপস্হিত হৈ ঘটনাৰ বুজ লয় ৷ আৰক্ষীৰ তদন্তৰ পিছত ছফিকুল ইছলামৰ মৃত্যুৰ বাবে থানা জ্বলোৱা হৈছিল নে ছফিকুলৰ মৃত্যুৰ গইনা লৈ থানাৰ চাৰ্জচিট, কেচডায়েৰী নষ্ট কৰা আৰু অস্ত্ৰ শস্ত্ৰক লক্ষ্য কৰি আক্ৰমন কৰা হৈছিল সেই কথা পোহৰলৈ আহিব ৷ আৰক্ষীয়ে থানা জ্বলোৱা ঘটনাৰে জৰিত থকা ৰফিকুল ইছলাম, মজিবুৰ ৰহমান, আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত ৰাখিছে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/ZlKM2ir
via IFTTT
Comments
Post a Comment