মুদ্ৰাস্ফীতিৰ ৩০ বছৰৰ অভিলেখ ভংগ

ডিজিটেল ডেস্ক: মুদ্ৰাস্ফীতিয়ে জলা-কলা খুৱাইছে জনতাক। ১৭ মেত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা তথ্যত ওলাই পৰিল এই কথা।
কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ বিকাশ আৰু আভ্যান্তৰীণ বাণিজ্য বিভাগে প্ৰকাশ কৰা তথ্য মচে এপ্ৰিল মাহত দেশত পাইকাৰী মুদ্ৰাস্ফীতি ১৫.০৮ শতাংশলৈ বৃদ্ধি পাইছে। বিগত ৩০ বছৰৰ ভিতৰত পাইকাৰী মুদ্ৰাস্ফীতিৰ ই অভিলেখ ভংগ কৰিছে।
ফেব্ৰুৱাৰী মাহত এই বৃদ্ধি আছিল ১৩.১১ শতাংশ, মাৰ্চত আছিল ১৪.৫৫ শতাংশ। বিভাগটোৱে জনাই যে চলিত বৰ্ষৰ এপ্ৰিল মাহত পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল হ’ল খনিজ আৰু খাৰুৱা তেল, মৌলিক ঘাতু, প্ৰাকৃতিক গেছ, খাদ্য সামগ্ৰী, অখাদ্য সামগ্ৰী, খাদ্য পণ্য, ৰাসায়নিক, অৰাসয়নিক পণ্যৰ মূল্য বৃদ্ধি। উল্লেখ্য যে, পাইকাৰী নিক্ণয়ত সামৰি লোৱা ২২ বিধ সামগ্ৰীৰ ১৮ বিধৰে দাম বৃদ্ধি হৈছে।
আৰু পঢ়ক: ভাৰত-বাংলা সীমান্তত বাংলাদেশীৰ আক্ৰমণত আহত বি এছ এফৰ জোৱান…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://www.asomiyapratidin.in/wpi-inflation-rises-further-to-15-08/
via IFTTT
Comments
Post a Comment