চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ বিজনীত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত…

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ১ নং অগ্ৰঙৰ নতুন মাটিত কালি নিশাৰ ভাগত মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয় । নিহত জনক পেচাত কৃষক অচিন্ত্য নাৰ্জাৰী (৪৩) বুলি চিনাক্ত কৰা হৈছে ।
বনবিভাগৰ সুত্ৰই জানিব দিয়া মতে সোমবাৰে নিশা ১ নং অগ্ৰঙৰ নতুন মাটি নিৱাসী কৃষক অচিন্ত্য নাৰ্জাৰীৰ ঘৰৰ সমীপত বন্যহস্তী এটাই অৱস্থান লোৱাত কৃষকজনে বন্যহস্তীটোক মানস ৰাষ্ট্ৰীয় উদ্যানলৈ ওভতাই পঠাবলৈ চেষ্টা কৰাৰ সময়তে বন্যহস্তীটোয়ে আক্ৰমণ কৰি গচকি দিয়ে ফলত থিতাতে নিহত হয় অচিন্ত্য নাৰ্জাৰী নামৰ খেতিয়ক জন ।
পাছত বনবিভাগৰ কুকলুং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু বিষ্ণুপুৰ বীট কাৰ্যালয়ৰ বনকৰ্মী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে পাণবাৰী থানাৰ আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । বনবিভাগ আৰু আৰক্ষীৰ লোকে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যবস্থা কৰে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/oxLrI5R
via IFTTT
Comments
Post a Comment