কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ…

- কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ ।
- মাজনিশা ১২:১৫ মান বজাত এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ ।
- এইবাৰ ধৰ্ষণকাৰীক এনকাউণ্টাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে ।
- আৰক্ষীৰ এনকাউণ্টাৰত ধৰ্ষণকাৰী আফুৰউদ্দিন ইছলাম (২২) গুলীবিদ্ধ ।
- আৰক্ষী জিন্মাত থকা আফুৰউদ্দিন ইছলাম পলায়নৰ চেষ্ঠা কৰোতেই গুলীচালনা আৰক্ষীৰ।
- লুকুৱাই ৰখা মোবাইল দেখুয়াবলৈ গৈ আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্ঠা কৰিছিল আফুৰউদ্দিন ইছলামে।
- যোৱা ২৩ মে’ত ঢোলমাৰাত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ৰেকৰ্ডিং মোবাইলত আৱদ্ধ কৰি ৰাখিছিল আফুৰউদ্দিন ইছলামে ।
- উক্ত ধৰ্ষণকাণ্ডৰ আফুৰউদ্দিন আছিল অন্যতম অভিযুক্ত ।
- ঢোলমাৰাৰ ৰাণীপুৰ চাহবাগিছাত মোবাইল লুকুৱাই ৰাখিছিল আফুৰউদ্দিন ইছলামে ।
- লুকুৱাই ৰখা মোবাইল দেখুৱাই দিয়াৰ সময়তে হঠাতে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্ঠা কৰিছিল ।
- ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্ঠা আফুৰউদ্দিনৰ ।
- পিষ্টল কাঢ়ি গুলীচালনাৰ বাবে উদ্যত হৈ পলায়নৰ চেষ্ঠা কৰিছিল আফুৰউদ্দিনে ।
- বাধ্য হৈ আৰক্ষীয়ে আফুৰউদ্দিনক লক্ষ্য কৰি গুলীচালনা কৰে ।
- সোভৰিত গুলীবিদ্ধ হয় আফুৰউদ্দিন।
- গুলীবিদ্ধ আফুৰউদ্দিনক আহত অৱস্থাত আৰক্ষীয়ে পুণৰ আটক কৰে ।
- আহত আফুৰউদ্দিনক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি ।
- উল্লেখ্য যে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰিছিল আফুৰউদ্দিন আৰু তেওঁৰ দুই সহযোগীয়ে ।
- সহযোগী দুটা আছিল মুস্তাফা আলি(১৯) আৰু ছামেজউদ্দিন আলি(১৯)।
- ধৰ্ষণকাণ্ডৰ পিছতে আৰক্ষীয়ে তিনিওটা পাষণ্ডকে গ্ৰেপ্তাৰ কৰিছিল ।
- ধৰ্ষণকাৰী তিনিটাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৩/৩০৮/৩৭৬(৩) /৩৭৬ (ডি) ৩৭৬(এ)/ ৩৪ মৰ্মে আৰু পক্সো আইনৰ ধাৰা ৬ অনুসৰি গোচৰ ৰজু হৈছে ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/8lHwN7t
via IFTTT
Comments
Post a Comment