কেৰেলাৰ সৰ্বভাৰতীয় মহিলা বিধায়কৰ সন্মিলনীত বকোৰ বিধায়িকা নন্দিতা দাস

ডিজিটেল সংবাদ,ছমৰীয়া:-কেৰেলা বিধানসভাই স্বাধীন ভাৰতৰ ৭৫ সংখ্যাক বৰ্ষপুৰ্ত্তি উপলক্ষে আয়োজন কৰা “আজাদী কা অমৃত মহোৎসৱ”ত অসমক প্ৰতিনিধিত্ব কৰে দক্ষিন কামৰূপৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে।
বকোৰ বিধায়িকা গৰাকীয়ে পোনপ্ৰথম বাৰৰ বাবে কেৰেলাত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত National Women Legislators Conference-2022 ত অংশগ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ মহিলাৰ অৱদান,ত্যাগক দাঙি ধৰে।স্বাধীনতা আন্দোলনত অসমৰ কনকলতা বৰুৱা, ভোগেশ্বৰী ফুকননী,মতিউৰ নেছা,কাহুলী দেৱীকে ধৰি মহিলাৰ সংগ্ৰামী সত্তাৰ অৱদানক আলোকপাত কৰে।
চলিত মে মাহৰ ২৬ আৰু ২৭ তাৰিখে দুদিনীয়াকৈ কেৰেলাত আয়োজিত সৰ্বভাৰতীয় মহিলা বিধায়কৰ এই সন্মিলনীখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দ মহাশয়ে।এই সভাত কেৰেলাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান,সন্নানীয় মুখ্যমন্ত্ৰী পিনাতাই বিজয়ন,কেৰেলা বিধানসভাৰ অধ্যক্ষ্য এম বি ৰাজেশৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
আৰু পঢ়ক: পথাৰৰ মাজৰ দ’ খাৱৈত পৰি মৃত্যু দুই কিশোৰৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/jt0Kk48
via IFTTT
Comments
Post a Comment