সৰ্প দংশনত এজনৰ মৃত্যু

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত সৰ্প দংশনত এজনৰ মৃত্যু ৷ মৃত্যুক সাৱতি লোৱা ব্যক্তি জনৰ নাম হৈছে প্ৰদীপ বনিয়া(৩৪) ৷ বনিয়াৰ ঘৰ নগাঁও জিলাৰ ৰনথলি আদৰ্শ গাঁৱত ৷

জানিব পৰা মতে সোমবাৰে বিয়লি প্ৰায় চাৰি বজাত প্ৰদীপ বনিয়াই ৰনথলি আদৰ্শ গাঁৱৰ সাপেখাতি বিলৰ পাৰলৈ গৈছিল ৷ ম’হ বিচাৰি বিলৰ পাৰলৈ যোৱা প্ৰদীপ বিলৰ পানীত নমাৰ পিছতে সাপে কামোৰে ৷ লোক জনে কাষতে থকা লোকৰ সহায় বিছৰাত লগে লগে বনিয়াৰ ওচৰত উপস্থিত হৈ ঘৰলৈ লৈ আহে ৷

নিজা ঘৰত উপস্থিত হোৱাৰ পিছত বেছিকৈ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে প্ৰদীপ বনিয়াক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়তে বনিয়াৰ মৃত্যু হয় ৷

আৰু পঢ়ক: মেঘালয়ৰ নতুন DGP এল আৰ বিষ্ণই, অসম আৰক্ষীৰ বিশেষ DGP আছিল IPS গৰাকী



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Kw0kedz
via IFTTT

Comments