১ জুনৰ পৰা ১১০০ টকাৰো অধিক হ’ব ৰন্ধন গেছৰ মূল্য!

ডিজিটেল ডেস্কঃ মাত্ৰ কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ইন্ধনজাতীয় সামগ্ৰীৰ ওপৰত থকা আৱকাৰী কৰ হ্ৰাস কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি প্ৰতি লিটাৰ পেট্ৰ’লত ৯ টকাৰো অধিক এবাৰতেই হ্ৰাস পাইছিল।

একেসময়তে ঘোষণা কৰা হৈছিল ঘৰুৱা চিলিণ্ডাৰটো ২০০ টকা পৰ্যন্ত হ্ৰাস পাব। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সেই ঘোষণা বাস্তৱায়িত হোৱাৰ বিপৰীতে এতিয়া পুনৰ মূল্যবৃদ্ধিৰ বুজা বহন কৰিবলগীয়া হোৱাৰ বাট মুকলি হৈছে।

জুনৰ প্ৰথমটো দিনৰ পৰাই দেশজুৰি পুনৰ ৰন্ধনগেছৰ মূল্য বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। সম্ভাৱনা অনুসৰি ১ জুনৰ পৰা প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ১১০০ টকা পৰ্যন্ত হ’ব। বৰ্তমান দিল্লীত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১,০০৩ টকা হোৱাৰ বিপৰীতে মুম্বাইত ১,০০২.৫ টকা, কলকাতাত ১,০২৯ টকা আৰু চেন্নাইত ১,০৫৮ টকা।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যি সময়ত পেট্ৰ’ল, ডিজেলৰ মূল্য হ্ৰাস কৰাৰ লগতে ৰন্ধন গেছৰো মূল্য ২০০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল তাৰ মাজতে কিন্তু মে’ মাহত দুবাৰকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা হৈছে। প্ৰথমে ৭ মে’, ২০২২ তাৰিখে প্ৰতিটো ১৪.২ কিলোগ্ৰাম ৰন্ধনগেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল।

ইয়াৰ পিছত ১৯ মে’, ২০২২ তাৰিখে প্ৰতিটো চিলিণ্ডাৰত আকৌ ৩.৫০ টকা বৃদ্ধি কৰা হৈছিল। যাৰ ফলত মে’ মাহটোত প্ৰতিটো চিলিণ্ডাৰ ৫৩.৫০ টকা ব্যয়বহুল হৈ পৰে। গেছ কোম্পানীবোৰে বিশ্ববজাৰত ৰন্ধন গেছৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰিছে।

ইফালে ১ মে’ত ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্যও বৃদ্ধি কৰা হৈছিল৷ সেইবাৰ দিল্লীত ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ১০২ টকাকৈ বৃদ্ধি কৰা হৈছিল৷ এতিয়া পুনৰ ১ জুনৰ পৰা ৰন্ধন গেছৰ মূল্য বৃদ্ধি পোৱাৰ খবৰ প্ৰকাশ কৰাৰ লগে লগে দেশজুৰি পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ক্লিক কৰি পঢ়কঃ দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা…



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/V3jxtlz
via IFTTT

Comments