বকোত প্ৰধান শিক্ষকৰ আত্মহননঃ গুণোৎসৱৰ কাম-কাজৰ হেচাঁত আত্মহননৰ সন্দেহ পৰিয়ালৰ…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত এগৰাকী প্ৰধান শিক্ষকৰ আত্মহননক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে ৪৮নং বকো বিধান সভা সমষ্টিৰ বকো প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ২নং দক্ষিণ ছেখাদাৰীগাঁৱৰ সোণালীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নকুল দাসে শুক্ৰবাৰে নিশা প্ৰায় ১ বজাত ঘৰৰ পাছফালে থকা গছ এজোপাত ৰছি লগাই আত্মহনন কৰে ।

দিনৰ ভাগত প্ৰধান শিক্ষকগৰাকীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি আনি শোকাকুল পৰিৱেশত অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। সমাগত গুণোৎসৱ উপলক্ষে বিভিন্ন কাম-কাজৰ হেচাঁত ভাৰাক্ৰান্তহৈ প্ৰধান শিক্ষকগৰাকীয়ে আত্মহননৰ পথ বাচি লোৱা বুলি শিক্ষকগৰাকীৰ পৰিয়ালে সন্দেহ কৰিছে ।

মৃত্যুৰ সময়ত প্ৰধান শিক্ষক গৰাকীয়ে পত্নী ডালিমী দাস আৰু এটি পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়। শিক্ষকগৰাকীয়ে ২০২৩ ইং বৰ্ষৰ জানুৱাৰী মাহত অৱসৰ লাভ কৰিলেহেঁতেন । উল্লেখযোগ্য যে বিদ্যালয়খনৰ সহ শিক্ষয়ত্ৰীগৰাকীও ছুটিত আছে বুলি জানিব পৰা গৈছে ।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/JPrUh85
via IFTTT

Comments