উচ্ছেদৰ বিৰোধিতাৰে চৰাইদেউত আটছাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,চৰাইদেউঃ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ চৰাইদেউ জিলা সমিতিয়ে কাছাৰ জিলাৰ শিলচৰৰ ডলু চাহ বাগিচাৰ ২৫০০ বিঘাৰ চাহ গছ উচ্ছেদ কৰাৰ বিৰোধিতা প্ৰতিবাদ সাব্যস্ত কৰে ৷ বুধবাৰে সংগঠনৰ কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত হাতে হাতে বেনাৰ,প্লে’কাৰ্ড লৈ চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে অনাগত দিন সমূহতো বাগিছা চৰকাৰে উচ্ছেদ কৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰো হুংকাৰ দি মুখ্যমন্ত্ৰীলৈ এক স্মৰক পত্ৰ প্ৰেৰণ কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/4Zmrv7o
via IFTTT
Comments
Post a Comment