অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ’ব : পিযুষ হাজৰিকা

ডিজিটেল সংবাদ, গোলাঘাট : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই শুকুৰবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা তিনিখন বিদ্যালয় ক্ৰমে দক্ষিণহেঙ্গেৰা, ভূলুকিটিং আৰু শালমৰা চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰে ।
দক্ষিণহেঙ্গেৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ পৰা প্ৰায় দুবছৰ আগতে বিজেপি চৰকাৰৰ দিনতে অসমৰ চাহ বাগিচা অঞ্চলত ১১৯ খন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ইয়াৰে ৯৬ খনৰ উদ্বোধন সম্পূৰ্ণ হ’ল আৰু ১৭ খন স্কুলৰ কাম সোনকালেই শেষ হ’ব । অৱশ্যে ৩ খনৰ ভূমিকেন্দ্ৰিক কিছু প্ৰক্ৰিয়া চলি আছে বুলি তেওঁ কয় ।
তেওঁ কয় যে আধাৰশিলা স্থাপন কৰিবলৈ ভাল লাগে, কিন্তু নিজে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটো যদি উদ্বোধন কৰাৰ সুযোগ পোৱা যায় তাতকৈ সুখৰ কথা আন একো নাই । মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী যিমান হ’ব সিমানেই সমাজখন অন্ধকাৰ হৈ গৈ থাকিব । এই বিদ্যালয়সমূহত বৃহৎসংখ্যক বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালীয়ে নামভৰ্তি কৰিছে বুলি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষাৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, ছাইনবোৰ্ড এখন পঢ়িব নজনা মানুহে শুদ্ধ পথ কেনেকৈ উলিয়াব, পঢ়া-শুনা নাজানিলে খেতিয়ক এজনে কোনটো বীজ ভাল সেয়া কেনেকৈ নিৰ্ধাৰণ কৰিব, উপযুক্ত প্ৰশিক্ষণ নহ’লে দক্ষতাৰে কাম কেনেকৈ কৰিব ।
শিক্ষাই সন্মান কঢ়িয়াই আনে বুলি উল্লেখ কৰি তেওঁ কয় যে ঘৰ চলাবলৈ, সন্মান আৰ্জিবলৈ, সমাজত আগবাঢ়ি যাবলৈ শিক্ষা লাগে । বাগানৰ ল’ৰা-ছোৱালীয়ে সদায় পাত তুলিয়ে থাকিব নেকি বুলি মন্তব্য কৰি তেওঁ কয় যে চাহ বাগিচাৰ লোকে এনেভাবে শিক্ষা ল’ব লাগিব যাতে প্ৰতিখন বাগানৰ মেনেজাৰ, ডেপুটি মেনেজাৰ বাগানখনৰেই লোক হয় ।
তেওঁ কয় যে চৰকাৰে চাহ বাগিচা অঞ্চল আৰু চাহ জনগোষ্ঠীৰ লোকসকলক আগবঢ়াই নিয়াৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত বহু আঁচনি গ্ৰহণ কৰিছে । অসমৰ চাহ বাগিচাত বিদ্যালয় আধাতে এৰা ল’ৰা-ছোৱালী নথকাটো সুনিশ্চিত কৰা হ’ব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসমৰ বাগিচা অঞ্চলত আৰু ২০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব ।
তিনিওটা অনুষ্ঠানতে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইসমূহ বিদ্যালয় কেৱল চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়, সকলো ল’ৰা-ছোৱালীৰ বাবেই মুকলি আছে । ব্ৰিটিছৰ সময়ৰ পৰাই চাহ বাগিচা অঞ্চলত কোনো হাইস্কুল নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এইসমূহ বিদ্যালয়ে অঞ্চলটোৰ ল’ৰা-ছোৱালীক মানুহ কৰাৰ গুৰুদায়িত্ব পালন কৰিব ।
চাহ বাগিচা অঞ্চলত প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পিছতে ল’ৰা-ছোৱালীয়ে স্কুল বাদ দিয়ে বুলি খেদ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে এই সমস্যা সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে প্ৰয়াস চলাইছে । তেওঁ কয় যে চাহ বাগিছাৰ মানুহে কেৱল চাহপাত তুলিব নালাগে, চাহ বাগিছাৰ পৰা ভাল ল’ৰা-ছোৱালী ওলাব লাগে । তেওঁ অভিভাৱকসকলক নিজৰ ল’ৰা-ছোৱালীক নিয়মীয়াকৈ বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় ।
তেওঁ লগতে চাহ বাগিচা অঞ্চলৰ কাষৰীয়া প্ৰাথমিক বিদ্যালয়সমূহ যাতে ভালকৈ চলে সেয়া সুনিশ্চিত কৰাৰ বাবে ৰাইজক চকু দিবলৈ আহ্বান জনায় । তেওঁ লগতে পূজা, বিহু আদিত যাতে ল’ৰা-ছোৱালীয়ে স্কুল ক্ষতি নকৰে অভিভাৱকসকলক সেয়াও সুনিশ্চিত কৰিবলৈ কয় । সাংসদগৰাকীয়ে সন্তানক আনৰ ঘৰত বন কৰিবলৈ পঠিওৱাৰ পৰিৱৰ্তে বিদ্যালয়লৈ পঠিয়াবলৈ আহ্বান জনায় । তেওঁ কয় যে সমাজত ভাল মানুহ আৰু ডাঙৰ মানুহ হৈ বৰ্তি থাকিবলৈ বিদ্যালয়লৈ যাবই লাগিব ।
তিনিওটা অনুষ্ঠানতে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আদৰণি ভাষণ দিয়ে । তেওঁ কয় যে আজিৰ দিনটো খুমটাই সমষ্টিবাসী ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ । তিনিওখন বিদ্যালয়তে অতি উচ্চ মানৰ শিক্ষা দিব পৰা শিক্ষকক ইয়াত নিযুক্তি দিয়া হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ বিদ্যালয় । বহু ছাত্ৰ-ছাত্ৰীয়ে ক’ভিডৰ সময়তেই বিদ্যালয় ত্যাগ কৰিছিল । কিন্তু এই বিদ্যালয়সমূহ হোৱাৰ পৰা বিদ্যালয় আধাতে এৰি যোৱা ছাত্ৰ-ছাত্ৰী এতিয়া আকৌ উভতি আহিছে । চাহ বাগিচাৰ লোকসকলক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰখনে সকলো ধৰণে প্ৰয়াস চলাইছে বুলি তেওঁ কয় ।
আটাইকেইটা অনুষ্ঠানতে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, বিভিন্ন বিভাগৰ মুৰব্বী, বাগিচা পৰিচালক, বিদ্যালয় প্ৰধান, স্থানীয় ৰাইজ আৰু শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক উপস্থিত আছিল ।
আৰু পঢ়ক: লণ্ডনত প্ৰকাশ ওদালগুৰিৰ লিখক বৈদ্যনাথ উপাধ্যায়ৰ অনুবাদিত গ্ৰন্থ ‘ক্লাব ক্ৰোলিং’
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9m3SMqA
via IFTTT
Comments
Post a Comment