ঘিলামৰা আৰক্ষীৰ অভিযানত মাছ ধৰা সঁজুলি জব্দ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: থলুৱা মাছৰ বংশ বৃদ্ধিত সহায়ক হোৱাৰ স্বাৰ্থত ৰাজ্যৰ মীন বিভাগে জাৰি কৰা থলুৱা প্ৰজাতিৰ মাছ ,কাছ ধৰা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা ব্যাপক হাৰত উলংঘা হৈ আহিছে ঘিলামৰাত। এচাম মৎস্যলোভীৰ লালসাৰ বাবেই দৈনিক প্ৰভূত হাৰত নিধন হৈ অহা এনে অপকৰ্মৰ বিৰুদ্ধে তৎপৰ হৈ আহিছে ঘিলামৰা আৰক্ষী ।
শুক্ৰবাৰে ওৰে দিন ধৰি অব্যাহত থকা প্ৰবল বৰষুণৰ বাবে নিশা থানাখনৰ অন্তৰ্গত মহবল গাঁওৰ ওখ ভেঁটিৰ সমীপত থলুৱা মাছৰ উজান পৰিছিল । তাৰ খবৰ জানিব পাৰি সমীপৰ একাংশ কাণ্ডজ্ঞানহীন ব্যক্তিয়ে খলহা , ডিঙৰা ,জুলুকী ,জাল পাতি বহু পৰিমানৰ থলুৱা মাছ ধৰে । এই দুষ্কাৰ্যৰ অভিযোগ পাই ঘিলামৰা থানাৰ উপ পৰিদর্শক হেমন্ত কুমাৰ কোঁৱৰৰ নেতৃত্বত এটা আৰক্ষীৰ বাহিনী নিশাই গৈ উক্ত স্থানত অভিযান চলাই ।
অভিযান কালত আৰক্ষীৰ উপস্থিতিৰ সম্ভেদ পাই মাছ ধৰা ব্যক্তি সকল পলাই যায় যদিও বৃহৎ পৰিমাণৰ মাছ ধৰা সঁজুলি জব্দ কৰি বিনষ্ট কৰে। আৰক্ষীৰ উপস্থিতিত পলাই যোৱা ধুৰন্ধৰ মৎস্যলোভী সকলে আৰক্ষীৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমন কৰাৰো চেষ্টা কৰে । পাছত আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ হয়।
কিন্তু আৰক্ষীৰ উপস্থিতিৰ বাবে মাছ ধৰাৰ পৰা বঞ্চিত হোৱা অবিবেচকী একাংশ ৰাইজে পুনৰ শনিবাৰে পুৱা এই অঞ্চলত মাছ ধৰাৰ বাবে সমবেত হয়। পুৱাই পুনৰ একে ঠাইতে মীন আইন উলংঘাৰ অভিযোগ পাই পুনৰ আৰক্ষী বিষয়া কোঁৱৰৰ নেতৃত্বত এটা আৰক্ষী বাহিনী গৈ মাছ ধৰা স্থানত উপস্থিত হৈ ব্যক্তি সকলক খেদি পঠাবলৈ সক্ষম হয় আৰু বহু সংখ্যক মাছ ধৰা থলুৱা সঁজুলি ,জাল আদি জব্দ কৰি আনে ।
আৰক্ষী বিষয়া কোঁৱৰৰ দিবা নৈশ তৎপৰতাৰ বাবে থলুৱা মাছ ধৰা অবৈধ কাণ্ড বাধাগ্ৰস্ত হোৱাৰ সমান্তৰাল ভাৱে থলুৱা দুষ্প্ৰাপ্য প্ৰজাতিৰ মাছৰ বংশবৃদ্ধি সম্ভৱ হৈ আহিছে। এচাম অবিবেচকী মানুহৰ দাম্ভিক আচৰণৰ বাবে মহবল অঞ্চলত মীন আইন সঘন উলংঘা হোৱাটো অতি পৰিতাপৰ বিষয় হিচাপে ধৰা দিছে ঘিলামৰাবাসী প্ৰকৃতিপ্ৰেমী সকলৰ মাজত।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LatE5og
via IFTTT
Comments
Post a Comment