বটদ্ৰৱা থানা আক্ৰমনৰ অষ্টম দিনা বিষয় সন্দৰ্ভত সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱা থানা আক্ৰমনৰ অষ্টম দিনা উক্ত বিষয় সন্দৰ্ভত পৰ্যালোচনাৰ বাবে দেওবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ এখনি সভা অনুষ্ঠিত হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ পূৰ্বে পৰিচালনা সমিতিৰ হৈ কাৰ্যকৰী সদস্য ৰাজীৱ বৰঠাকুৰে সাংবাদিকক সম্বোধন কৰে।
পৰিচালনা সমিতিৰ আহ্বান- “অসমবাসী ৰাইজ দলে বলে গুৰুজনাৰ জন্মস্থানলৈ আহক। থানা আক্ৰমনৰ আ কাৰ কাটি দিলে থান হৈ যায়। যিদৰে থানা আক্ৰমন হৈছে তেনেদৰে দুস্কৃতিকাৰীয়ে ইনডাইৰেক্টলী গুৰুজনাৰ থানতো আক্ৰমন কৰিছে। দুস্কৃতিকাৰীৰ ব্লুপ্ৰিন্ট আছে থানা আক্ৰমনৰ লগে লগে শংকিত হ’ব সমগ্ৰ অসমবাসী ৰাইজ আৰু ভক্ত বৈষ্ণৱ।
শংকিত হোৱাৰ লগে লগে বটদ্ৰৱা থানলৈ ভক্ত বৈষ্ণৱ নহা হ’ব। গুৰুজনাৰ জন্মস্থান উন্নয়নৰ বাধা সৃষ্টি কৰাটো অপৰাধীৰ লক্ষ্য আছিল বুলি মন্তব্য প্ৰদান কৰে। লগতে একাংশ ৰাজনীতিকে কৰি থকাৰ দৰে ইয়াত বোকা চতিওৱা ৰাজনীতি হ’ব নালাগে।
বটদ্ৰৱা পূণ্যভূমি —সকলো বাধা অতিক্ৰম কৰি অসমবাসী ৰাইজ বটদ্ৰৱালৈ আহক।”বুলি মন্তব্য কৰে। ইফালে আজিৰে পৰা বটদ্রৱা থানলৈ ক্ৰমাৎ সোত বৈছে তীৰ্থযাত্রীৰ। পুৱাৰে পৰা গুৱাহাটী, ৰঙিয়া, বৰপেটা, বজালী, মৰিগাঁও, বিশ্বনাথ চাৰিআলিৰ লগতে নগাঁও জিলাৰো বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক তীৰ্থযাত্রীয়ে আহি সেৱা নৈবেদ্য আগবঢ়াই, নামকীৰ্তনত অংশ গ্ৰহণ কৰে। সকলো তীৰ্থযাত্রীৰ আহ্বান “চৰকাৰে বটদ্ৰৱা থানৰ নিৰাপত্তা সুনিশ্চিত কৰক।”
আৰু পঢ়ক: পথাৰৰ মাজৰ দ’ খাৱৈত পৰি মৃত্যু দুই কিশোৰৰ…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/P5WJiBf
via IFTTT
Comments
Post a Comment