উভতি নহাৰ বাটেৰে তেওঁ যোৱা ২৬বছৰেই হ’লঃ নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি মৃত্যুবাৰ্ষিকী…

ডিজিটেল ডেস্কঃ পৰাগ কুমাৰ দাস। অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া এই নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ অক্লান্ত কৰ্মীগৰাকীৰ আজি মৃত্যুবাৰ্ষিকী।

১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাস। প্ৰতিকূল পৰিৱেশকো নেওচি ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ সাজু হৈছে।

৮০ দশকতেই পৰাগ কুমাৰ দাসে ‘প্ৰান্তিক’ আৰু আন দৈনিক কাকতত স্তম্ভ লেখক হিচাপে সাংবাদিকতা আৰম্ভ কৰিছিল। ১৯৬১চনৰ ২৪ ফেব্ৰুৱাৰীত শ্বিলঙত জন্মগ্ৰহণ কৰা পৰাগ দাসে গুৱাহাটীৰ চেনীকুঠি বালক বিদ্যালয়, এম চি এম ই স্কুলত অধ্যয়ন কৰি কটন কলেজিয়েতৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোক মানৱ অধিকাৰ সমিতিয়ে (মাছ) প্ৰতিবছৰে চহিদ দিৱস হিচাপে পালন কৰি আহিছে।

সৰুৰে পৰা মেধাৱী আছিল পৰাগ কুমাৰ দাস। ১৯৭৭চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তেওঁ চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত তেওঁ কটন কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত অৱতীৰ্ণ হৈ অসমৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰে।

পৰাগ দাসৰ পিতৃ আছিল আৰক্ষী বিভাগত কৰ্মৰত। পিতৃ-মাতৃয়ে ভাবিছিল- পৰাগ কুমাৰ দাসে আন মেধাৱী ছা্ত্ৰৰ দৰে ডাক্টৰ-ইঞ্জিনিয়াৰ পঢ়িব। স্বাভিমানী পৰাগ দাসে কিন্তু কলা শাখাত অধ্যয়ন কৰাৰ সিদ্ধান্ত ল’লে। দিল্লীৰ ছেইন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতি বিভাগত সন্মানসহ প্ৰথম শ্ৰেণীত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে তেওঁ। তাৰপাছত স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতক ডিগ্ৰী ল’লে পৰাগ দাসে।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১৭ মে’ত সেইসময়ৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা পুত্ৰ ৰোহনক আনিবলৈ যাওঁতে আততায়ীৰ ২৩ জাই গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া আততায়ীৰ দলটোৱে গুলীয়াই নিহত কৰিছিল সাংবাদিকতাৰ প্ৰতিবাদী কণ্ঠ পৰাগ কুমাৰ দাসক। আততায়ীৰ আক্ৰমণত পুত্ৰ ৰোহনো আহত হৈছিল।

আজিও প্ৰয়াত সাংবাদিকগৰাকীক অজস্ৰ গুণমুগ্ধই পৰাগ কুমাৰ দাসৰ হত্যাৰ ঘটনাৰ প্ৰকৃত ন্যায়ৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও সময়ৰ সোঁতত বিষয়টো পাহৰণিৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হোৱাহে দেখা গৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/9O2uitA
via IFTTT

Comments