১৮ সংখ্যক অচ্যুত বৰুৱা সোৱৰণী আন্তঃজিলা – ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতা শুভাৰম্ভ…

ডিজিটেল সংবাদ, ধুবুৰীঃ হেণ্ডবল সংন্থাৰ সহযোগত ধুবুৰীৰ বিলাসীপাৰাত ১৮ সংখ্যক অচ্যুত বৰুৱা সোৱৰণী আন্তঃজিলা – ছিনিয়ৰ হেণ্ডবল প্ৰতিযোগীতা যোৱা ১৩ মে’ৰ পৰা শুভাৰম্ভ হৈছে।ধুবুৰীৰ বিলাসীপাৰা আই এন এ মিনি ষ্টেডিয়ামত তিনিদিনলৈকে আৰম্ভ হোৱা ১৮ সংখ্যক অচ্যুত বৰুৱা স্মাৰক আন্তঃ জিলা হেণ্ডবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে অসম ৰাজ্যিক বিপনন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে।
অসম হেণ্ডবল সংন্থাৰ অমল নাৰায়ণ পাটোৱাৰীৰ সভাপতিত্বত উদ্বোধনী অনুষ্ঠানত জিলাখনৰ উপায়ুক্ত অন্বামুথন এম পি,আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ,অসম হেণ্ডবল সংন্থাৰ জ্যেষ্ঠ উপ-সভাপতি শম্ভু কৰ্মকাৰ, প্ৰফুল্ল তালুকদাৰ,উপ-সভাপতি কুশল দত্ত, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকে।প্ৰতিযোগীতাত ৰাজ্যখনৰ ২১ টা ল’ৰা আৰু ১৮ টা ছোৱালীৰ দলে ভাগ লৈছে।আজি প্ৰতিযোগীতাৰ সামৰণী অনুষ্ঠানত ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰা,অসম অলিম্পিক সংন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ উপস্থিত থাকিৱ বুলি জানিৱ পৰা গৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/b7TzHwJ
via IFTTT
Comments
Post a Comment